নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Indigo-ত অচলাৱস্থা অব্যাহত, প্ৰতিদিনেই শ শ বিমান বাতিল

দেশৰ সৰ্ববৃহৎ ঘৰুৱা বিমান সংস্থা Indigo ৰ সংকট অব্যাহত আছে। প্ৰতিদিনে শ শ বিমান বাতিল হোৱাত যাত্ৰীৰ ভ্ৰমণ পৰিকল্পনাত তীব্ৰ ব্যাঘাত সৃষ্টি হৈছে। বৃহস্পতিবাৰে সংস্থাটোৱে ৫৫০খনতকৈও অধিক বিমান বাতিল কৰাৰ ফলত বহু বিমানবন্দৰত সেৱাত ব্যাপক পলম লক্ষ্য কৰা যায়। বিমান কৰ্মচাৰীৰ কৰ্তব্য-সময়ৰ নতুন নিয়ম (Flight Duty Time Limitations — FDTL) ৰূপায়ণৰ ক্ষেত্ৰত ভুল বিচাৰ আৰু পৰিকল্পনাৰ অভাৱকেই এই বিপৰ্যয়ৰ মুখ্য কাৰণ বুলি ধৰা হৈছে।

ইতিমধ্যে, ডাইৰেক্টৰেট জেনাৰেল অৱ চিভিল এভিয়েছনে (DGCA) সংস্থাটোৰ সৈতে তৎকালীন পৰ্যবেক্ষণ বৈঠক আৰম্ভ কৰিছে। অসামৰিক বিমান পৰিবহণ মন্ত্রী কে ৰামমোহন নাইডুৱে অনুষ্ঠিত উচ্চ পৰ্যায়ের সমীক্ষাত ইণ্ডিগ’ৰ ওপৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি জনায় যে নতুন FDTL নীতি ৰূপায়ণৰ বাবে যথেষ্ট সময় থাকিলেও সংস্থাটোৱে সঠিকভাবে প্ৰস্তুতি ল’ব নোৱাৰিলে।

ইণ্ডিগ’ই জানিবলৈ দিছে যে ৮ ডিচেম্বৰলৈকে অধিক বিমান বাতিল হ’ব, ৮ ডিচেম্বৰ পৰাই বিমান চলাচলৰ সংখ্যা হ্ৰাস পাব আৰু ২০২৬ চনৰ ১০ ফেব্ৰুৱাৰীৰ ভিতৰত বিমান সেৱা সম্পূৰ্ণ স্বাভাৱিক হ’ব।

ইণ্ডিগ’ক DGCA-এ যাত্ৰীসকলক সম্ভাৱ্য বাতিলকৰণৰ বিষয়ে আগেভাগে সক্ৰিয়ভাৱে খবৰ দিয়াৰ নিৰ্দেশ দিছে। লগতে, সাম্প্ৰতিক ব্যাঘাতৰ হেৰফেৰিত বিমান ভাৰা বৃদ্ধি হ’ব নালাগে বুলি কঠোৰ সতৰ্ক কৰি দিছে।

অন্যদিশত, বিমান ভাৰাত অলপ মাত্রাত বৃদ্ধি লক্ষ্য কৰা পৰ্যায়ত DGCA পৰিস্থিতিটো তীক্ষ্ণভাৱে পৰ্যবেক্ষণ কৰি আছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে প্ৰকাশ কৰা বিবৃতিত উল্লেখ কৰা হয় যে ইণ্ডিগ’ৰ অপাৰেচনেল কণ্ট্ৰ’ল চেণ্টাৰত বিষয়াসকলক তদাৰক কৰিবলৈ নিযুক্ত কৰা হৈছে।

নিয়ন্ত্ৰকে সংস্থাটোক ক্ৰু নিযুক্তি, বিমান পৰিচালনা সময়সূচী, ক্ৰু প্ৰশিক্ষণ পৰিকল্পনা, সূচী পুনৰগঠন, সুৰক্ষা-বিপদ মূল্যায়ন, প্ৰশমন ব্যৱস্থা আদিৰ বিশদ ৰোডমেপ দাখিল কৰিবলৈ অনুৰোধ কৰিছে ।

ইণ্ডিগ’ক লগতে প্ৰতি ১৫ দিনৰ ভিতৰত অগ্ৰগতিৰ বিশদ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। বৃহস্পতিবাৰে DGCAৰ এটা বিশেষ দলে দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল ১ পৰিদৰ্শন কৰে, য’ত ইণ্ডিগ’ৰ উল্লেখযোগ্য পৰিমাণৰ কার্যকলাপ অব্যাহত আছে।

ইণ্ডিগ’ৰ অপাৰেচনেল বিপৰ্যয় যাত্ৰীৰ স্বাভাবিক ভ্ৰমণক ব্যাহত কৰাৰ পাছত বৰ্তমান সম্পূৰ্ণ এভিয়েছন খণ্ডই এই পৰিস্থিতিৰ দ্রুত সমাধানৰ আশা প্ৰকাশ কৰিছে।

ডিজিটেল বাৰ্তা, ৫ ডিচেম্বৰ

You might also like