নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মান্ধানা–পলাশৰ বিবাহ স্থগিত ৰখাক লৈ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

নিউজ ডেস্ক, ২৬ নৱেম্বৰ : ভাৰতীয় মহিলা দলটোৰ তাৰকা বেটাৰ স্মৃতি মান্ধানা আৰু পলাশ মুছলৰ বিয়া স্থগিত ৰখাক লৈ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ তাৰকা মহিলা ক্রিকেটাৰগৰাকীৰ হ’বলগীয়া স্বামীৰ সৈতে বিবাহৰ আগনিশা মান্ধানাৰ এগৰাকী ঘনিষ্ঠ বান্ধৱীৰ হোৱা অন্তৰংগ বার্তালাপৰ স্ক্রীনশ্বট ভাইৰেল হৈ পৰিছে৷ এই স্ক্রীনশ্বট ভাইৰেল হোৱাত কেইঘণ্টামানৰ বিপৰীতে বিবাহ বিচ্ছেদৰ উৰাবাতৰি ওলাবলৈ আৰম্ভ কৰে৷ অৱশ্যে ইয়াৰ মাজতে পলাশৰ মাতৃয়ে এক নতুন দাবী উত্থাপন কৰে৷

উল্লেখ্য় যে মেৰী কোষ্টা নামৰ এগৰাকী মহিলাৰ সৈতে বিয়াৰ আগদিনা পলাশৰ আড্ডা পোহৰলৈ অহাৰ পিছত সমগ্র বিষয়টোৱে নতুন বিতর্কৰ সৃষ্টি কৰিছে৷ অৱশ্যে এই সন্দর্ভত দুয়োটা পৰিয়ালে এতিয়ালৈকে কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই৷ সূত্র অনুসৰি স্মৃতিৰ সৈতে মেৰী কোষ্টাৰ দীর্ঘদিনীয়া বন্ধুত্ব আছে৷ পেছাত এগৰাকী নৃত্য পৰিচালক মেৰী কোষ্টাৰে নিজৰ ছ’চিয়েল মিডিয়াৰ পৰা সকলো ছবি ডিলিট কৰিছে মান্ধানাই ৷ মঙলবাৰে পুৱালৈকে ইনষ্টাগ্রামত তাইৰ বহু ছবি আছিল৷ কিন্তু এতিয়া সেইবোৰ ডিলিট কৰি দিছে৷ এনে পদক্ষেপৰ পিছত স্মৃতি মান্ধানা আৰু পলাশ মুছলৰ বিবাহক লৈ জল্পনা–কল্পনাৰ সৃষ্টি হৈছে৷

মন কৰিবলগীয়া যে পিতৃৰ অসুস্থতাৰ বাবে স্মৃতিয়ে বিয়াখন পিছুৱাই দিয়া বুলি খবৰ ওলাইছিল ৷ কিন্তু পলাশৰ মাকে দাবী কৰে যে পলাশে প্রথমে সকলো উৎসৱ বন্ধ কৰিবলৈ কৈছিল৷ তেওঁৰ পুত্রৰ স্মৃতিৰ পিতৃৰ সৈতে বহুত ভাল সম্পর্ক আছে৷ তাৰকা ক্রিকেটাৰ মান্ধানাৰ পিতৃক এম্বুলেন্সেৰে চিকিৎসালয়লৈ নিয়াৰ লগে লগে বিয়াখন পিছুৱাই দিয়াৰ প্রস্তাৱ দিয়ে পলাশে৷ স্মৃতিৰ পিতৃৰ পিছত মঙলবাৰে পলাশকো চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ অৱশ্যে কিছু সময়ৰ পিছত তেওঁক ডিছচার্জ দিয়া হয়৷ পলাশৰ মাতৃ অমিতাই দাবী কৰে যে স্মৃতিৰ পিতৃৰ হার্ট এটেক হোৱাৰ খবৰ পাই পলাশে নিজকে নিয়ন্ত্রণ কৰিব নোৱাৰিলে৷ পৰৱর্তী সময়ত সংক্রমণ আৰু এচিডিটি হোৱাৰ বাবে পলাশকো চিকিৎসালয়ত ভর্তি কৰিবলগীয়া হৈছিল৷

You might also like