‘এ আই’ৰ আধিপত্য
বিজ্ঞান আৰু প্রযুক্তিবিদ্যাই মানৱ জাতিৰ বাবে একবিংশ শতিকাৰ দ্বিতীয় দশকত আগবঢ়োৱা আশ্চর্যকৰ উপহাৰ হ’ল ‘এ আই’–কৃত্রিম বুদ্ধিমত্তা৷ মানুহৰ বুদ্ধিমত্তাক প্রত্যাহ্বান জনাব পৰা এই উদ্ভাৱনে দ্রুতগতিত বিজ্ঞানীৰ প্রয়োগশালাৰ পৰা ওলাই আহি মানুহৰ ঘৰত প্রৱেশ কৰিছে৷ এটা সময়ত ‘এ আই’ আছিল সংশয় সৃষ্টিকাৰী কল্পনাৰ বিষয়৷ ‘এ আই’–এ মানুহক কর্মহীন কৰি তুলিব বুলি কৰা শংকাৰ প্রতিক্রিয়া হিচাপে আৰম্ভ হৈছিল বহু প্রতিবাদ আৰু বিৰোধ৷ তাৰ পিছতো এতিয়া ই চিকিৎসা, পৰিবহণ, শিক্ষা, গৃহ–ব্যৱস্থা, উৎপাদন–শিল্প, যোগাযোগ আদি সকলো ক্ষেত্রতে প্রৱেশ কৰি উৎপাদন আৰু সৃষ্টিৰ একোটি নতুন নতুন স্তৰ সৃষ্টি কৰিবলৈ সমর্থ হৈছে৷ জনজীৱনত বিশেষভাৱে প্রভাৱিত কৰা কম্পিউটাৰৰ চেহেৰা কম দিনতে সলনি হৈ গৈছে৷ এটা সময়ৰ কম্পিউটাৰৰ অবিছেদ্য অংগ ফ্লপি ডিস্ক, চিডি ৰাইটাৰ আজি অদৃশ্য হৈ পৰিছে৷ কম্পিউটাৰে আজি নতুন ৰূপত কোলাৰ পৰা হাতৰ মুঠিলৈ আহিছে৷ এই পৰিৱর্তনে চিন্তাৰ উদ্রেক কৰিছে ‘এ আই’–এ কম্পিডটাৰৰ মৃত্যুঘণ্টা বজাইছে নেকি? এই প্রশ্ণৰ উদয় হোৱাৰ প্রধান কাৰণ হ’ল প্রযুক্তিবিদ্যাৰ বিকাশৰ লগে লগে নতুন আহিলাৰ আগমন হয় আৰু পুৰণি আহিলা নাইকিয়া হৈ যায়৷ কথা হ’ল ‘এ আই’–এ কোনো যন্ত্রকেই সলনি নকৰে, ই হ’ল যান্ত্রিক বুদ্ধিমত্তাৰ উন্নত পর্যায়, যিয়ে কম্পিউটাৰৰ ভিত্তিমূলত থাকি যান্ত্রিক প্রণালীৰ সামগ্রিক আচৰণ সলনি কৰি দিয়ে৷ কম্পিউটাৰ মূলতঃ হ’ল তথ্য প্রচেছিং, সংৰক্ষণ আৰু গাণিতিক কাম কৰা যন্ত্র৷ ‘এ আই’ হ’ল মেচিন লার্নিং, নিউৰাল নেটৱর্ক, ডিপ লার্নিং আৰু ডাটা প্রেডিক্টিভ মডেলৰ ওপৰত নির্ভৰ কৰা ছফটৱেৰৰ এক উচ্চতৰ স্তৰ৷ ‘এআই’ ব্যৱহাৰ কৰিবলৈ কম্পিউটাৰ বা একেধৰণৰ আচৰণ কৰা যন্ত্র লাগিবই, সেয়ে ‘এআই’–এ কম্পিউটাৰক স্থানচ্যুত কৰাৰ সম্ভাৱনা আপাততঃ উদয় হোৱা নাই৷
‘এআই’ৰ চিন্তা আৰু সিদ্ধান্ত প্রদান কৰিব পৰা শক্তিৰ বেগ মানুহতকৈ ভালেখিনি অধিক বাবে কিছুমানে চিন্তা কৰিছে যে ‘এআই’–এ মানুহৰ ওপৰত প্রভাৱ বিস্তাৰ কৰিব আৰু সি আধিপত্যলৈ ৰূপান্তৰ হ’ব৷ ‘এ আই’ৰ আধিপত্য কোনো নিয়ন্ত্রণ বা দমনমূলক ক্ষমতা নহয়, ই হ’ল প্রযুক্তিগত সামর্থ্য, এলগৰিথিম অগুমেণ্টেচন আৰু স্বয়ংক্রিয় সিদ্ধান্ত গ্রহণ ব্যৱস্থাৰ সহজ শক্তি৷ মানুহে কৰা সিদ্ধান্তবোৰ বহুত ক্ষেত্রতেই ডাটা নির্ভৰ, নিখুঁত, ক্ষিপ্র আৰু কম ভুলৰ হোৱা উচিত৷ ‘এ আই’–এ অধিক ক্ষিপ্রতাৰে তাকেই কৰে কাৰণে যন্ত্রৰ সিদ্ধান্ত গ্রহণৰ ক্ষমতা বৃদ্ধি পায়৷ কিন্তু মূল কথাটো হ’ল ‘এ আই’–এ নির্দেশ পালন কৰে আৰু সেই নির্দেশ দিয়া কামটো মানুহৰ হাততেই থাকিব৷ এতিয়া ‘এ আই’ বিজ্ঞানীৰ প্রয়োগশালাৰ পৰা ওলাই আহি আমাৰ জীৱনৰ প্রায় প্রতিটো কোণতেই সুস্থিৰভাৱে ঠাই দখল কৰি লৈছে৷ ই মানুহৰ সহায়ক হিচাপে নিঃশব্দে কাম কৰি থাকিলেও আমাৰ দৈনন্দিন জীৱনৰ ৰুটিন, সিদ্ধান্ত আৰু অভ্যাসবোৰক অদৃশ্যভাৱে প্রভাৱিত কৰি তোলে৷ পুৱা উঠিবলৈ এলার্মটো কোন সময়ত বাজিব, বাহিৰত বতাহ কেনেকুৱা কিম্বা আজিৰ দিনটোৰ সময়সূচীত কি কি আছে– এনেকুৱা কথাবোৰত ‘এ আই’ৰ সহযোগ অতি প্রভাৱী আৰু সেই প্রভাৱেই মানুহৰ অভ্যাস গঠন কৰে৷ এইবোৰ কামৰ বাবে কম্পিউটাৰৰ প্রয়োজন নাই, হাততে থকা ঘড়ী বা স্মার্টফোনেই এই কামবোৰ কৰি দিয়ে৷ স্মার্টফোনে মানুহক পাঠ–পঠনৰ পৰা সংগীত পছন্দলৈকে বিশ্লেষণ কৰি সঠিক পৰামর্শ দিয়ে, যিবোৰে মানুহক এলেহুৱা কৰাৰো সম্ভাৱনাৰ সৃষ্টি কৰে৷ বহু মানুহৰ ঘৰত ব্যৱহূত স্মার্ট ডিভাইচবোৰক ‘এ আই’–এ নিয়ন্ত্রণ কৰে আৰু এই নিয়ন্ত্রণ হয় কেৱল কণ্ঠৰ নির্দেশেৰে৷ আগতে সময় আৰু শক্তি দুয়োটাই খৰচ হোৱা কামটো এতিয়া সৰু এটা শব্দেৰে সমাধা হয়৷ অফিচৰ কাম কাজত ই–মেহল ফিল্টাৰ, ডকুমেণ্ট বাছনি, ডাটা বিশ্লেষণ, প্রেজেণ্টেচন প্রস্তুত কৰা আদিৰ দৰে কামত পূর্বতে কেইবা ঘণ্টাও লগাৰ পৰিৱর্তে এতিয়া সেয়া মিনিটতে সম্পন্ন হয়৷ এইবিলাক সৰু উদাহৰণ আৰু এইবোৰ কামৰ বাবে বিশেষ একো ব্যয়বহুল যন্ত্র আৰু প্রশিক্ষণৰো প্রয়োজন নহয়৷ এনেদৰেই বর্তমান যুগৰ মানুহৰ দৈনন্দিন জীৱনৰ গুণগত মান উন্নত কৰাত ‘এ আই’ এক প্রভাৱশালী সহযোগী হৈ সহায়কৰূপে মানুহৰ দৈনন্দিন জীৱনযাত্রাত মিলি গৈ আছে– নিম্নস্বৰে, কিন্তু নিশ্চিতভাৱে৷ এই অংশগ্রহণৰ হাৰ বৃদ্ধি হৈ গৈ থাকিব আৰু এটা সময়ত ই সভ্যতাৰ বিকাশৰ স্বৰূপ সলনি কৰি দিব৷