নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আম আদমী পার্টীৰ দখলত দিল্লী পৌৰ নিগম : আপৰ ১৩৪ৰ বিপৰীতে বিজেপিৰ দখলত ১০৪ আসন

বিশেষ বাৰ্তা, ৭ ডিচেম্বৰঃ ডেৰ দশকৰ অন্তত দিল্লী পৌৰ নিগম দখল কৰিছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পার্টী (আপ)য়ে৷ দিল্লী পৌৰ নিগমৰ নির্বাচনত আপে ২৫০খন আসনৰ ভিতৰত ১৩৪খন আসন লাভ কৰিবলৈ সক্ষম হৈছে৷ ২০১৭ চনৰ নির্বাচনত আপে লাভ কৰিছিল ৪৮খন আসন৷ অর্থাৎ ৫ বছৰ পূর্বৰ পৌৰ নিগমৰ নির্বাচনৰ তুলনাত আপে ৮৬খন আসন বেছিকৈ লাভ কৰিবলৈ সক্ষম হৈছে৷ নির্বাচন আয়োগৰ ৱেবছাইটত সদৰী কৰা অনুসৰি আপে এইবাৰ নির্বাচনত ৪২.২ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছে৷ ২০১৭ চনত দলটোৱে লাভ কৰিছিল ২৬.২৩ শতাংশ৷ শতাংশৰ হিচাপত ভোট বৃদ্ধি পাইছে বিজেপিৰো৷ বিজেপিয়ে আজি ঘোষিত দিল্লী পৌৰ নিগমৰ নির্বাচনত ৩৯.১২ শতাংশ ভোট লাভ কৰিছে৷ ২০১৭ চনত গেৰুৱা দলটোৱে লাভ কৰিছিল ২৬.০৮ শতাংশ ভোট৷ অৱশ্যে বিজেপিয়ে আসনৰ সংখ্যা এইবাৰ যথেষ্ট হ্রাস পায়৷ দলটোৱে বিগত পৌৰ নিগম নির্বাচনত ১৮২টা ৱার্ড লাভ কৰিছে৷ এইবাৰ সেয়া ১০৪লৈ অৱনমিত হৈছে৷ কিন্তু একক সংখ্যাগৰিষ্ঠতা লাভ কৰি আপে পৌৰ নিগমত নিজৰ আধিপত্য প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ লক্ষণীয়ভাৱে কংগ্রেছৰ দুর্দশা দিল্লী পৌৰ নিগমৰ নির্বাচনতো প্রতিপন্ন হৈছে৷ কংগ্রেছে ২০১৭ৰ নির্বাচনত ২১.০৯ শতাংশ ভোটেৰে লাভ কৰিছিল ৩০টা ৱার্ড৷ এইবাৰ সেয়া ৯লৈকে অৱনমিত হৈছে৷ দিল্লী পৌৰ নিগমৰ নির্বাচনত আপৰ এই সাফল্য চমকপ্রদ হিচাপে চিহ্ণিত হৈছে৷ কাৰণ ২০১৯ৰ লোকসভা নির্বাচনত দিল্লীবাসীয়ে হতাশ কৰিছিল কেজৰিৱাল নেতৃত্বাধীন দলটো৷ কিন্তু ২০২০ চনৰ বিধানসভা নির্বাচনত পুনৰ দুর্দান্ত বিজয় সাব্যস্ত কৰিছিল আপে৷ পৌৰ নিগমত ১৫ বছৰ ধৰি চলা বিজেপিৰ শাসন ওফৰাই এইবাৰ কেজৰিৱালে দিল্লীত আপৰ ভেটি অধিক শক্তিশালী কৰিবলৈ সক্ষম হ’ল৷ কেজৰিৱালে কি যাদুৰ জৰিয়তে বিজেপিৰ ১৫ বছৰীয়া খোপনি উৎখাত কৰিবলৈ সক্ষম হ’ল, তাক লৈ এতিয়া ব্যাপক চর্চা চলিছে বিভিন্ন মহলত৷ স্মর্তব্য যে ১৯৫৮ত গঠন কৰা হৈছিল দিল্লী পৌৰ নিগম৷ ২০১২ চনত তেতিয়াৰ মুখ্যমন্ত্রী শীলা দিক্ষিতে তিনিটা ভাগত ভাগ কৰি লয় দিল্লী পৌৰ নিগমক৷ এই তিনিটা ভাগ আছিল এনডিএমচি (উত্তৰ দিল্লী পৌৰ নিগম), এছডিএমচি (দক্ষিণ দিল্লী পৌৰ নিগম) আৰু ইডিএমচি (পূব দিল্লী পৌৰ নিগম)৷ চলিত বর্ষৰ ২২ মে’ত তিনিওটা পৌৰ নিগমত ভাঙি ‘মিউনিচিপাল ক’পৰেচন অব দিল্লী’ (এমডিচি) গঠন কৰা হয়৷ সেই সময়ত ৰাজধানীৰ আভ্যন্তৰীণ ৰাজনীতিৰ পর্যালোচনা আগবঢ়াই থকা বিশেষজ্ঞসকলে মন্তব্য কৰিছিল যে পৌৰ নিগম পুনৰ দখলৰ বাবে প্রধানমন্ত্রী মোদীয়ে এই কাম কৰিছে৷ কিন্তু আজি ঘোষিত নির্বাচনী ফলাফলে বিপৰীতে ছৱিহে দাঙি ধৰিলে৷ অৱশ্যে বিভিন্ন সংবাদ সংস্থাই আগবঢ়োৱা একজিট পোলৰ সমীক্ষা ভূল বুলি প্রমাণিত কৰি দিলে এই ফলাফলে৷ দিল্লীত বিজেপিয়ে একজিট পোলত প্রকাশ পোৱা সমীক্ষাতকৈ অধিক উন্নত ফল দেখুৱাবলৈ সক্ষম হৈছে৷ ইয়াৰ উপৰি আপে যিমান সংখ্যক ৱার্ড লাভ কৰিবলৈ সক্ষম হ’ব বুলি সমীক্ষাবোৰত উল্লেখ কৰা হৈছিল সেয়াও ভূল প্রমাণিত হৈছে৷ ইফালে এই জয়ৰ পাছতে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে কয় যে উন্নয়নৰ বাবে তেওঁক প্রধানমন্ত্রীৰ আর্শীবাদ বিচাৰিছে৷ কেন্দ্রৰ সাহায্য, অর্থাৎ প্রধানমন্ত্রীৰ আশীর্বাদ অবিহনে উন্নয়ন সম্ভৱ নহয় বুলিও কেজৰিৱালে ইংগিত দিছে৷

You might also like