লোকসভাৰ অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ, কংগ্ৰেছৰ নেতৃত্বত ১১৯ সাংসদৰ স্বাক্ষৰ
চলিত বাজেট অধিৱেশনৰ আৰম্ভণিৰে পৰা লোকসভাত তীব্ৰ হুলস্থূলীয়া পৰিস্থিতি সৃষ্টি হৈছে। প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰিছে। জাননীখন লোকসভা সচিবালয় আৰু মহাসচিবক দাখিল কৰা হৈছে।
বিৰোধী দলৰ মতে, ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাৰ সময়ত বিৰোধী নেতা ৰাহুল গান্ধীক কথা ক’বলৈ নিদিয়াটো অনাস্থা প্ৰস্তাৱৰ মূল ভিত্তি। এই অনাস্থা প্ৰস্তাৱ লোকসভা অধ্যক্ষৰ বিৰুদ্ধে ধাৰা ৯৪চি অনুসৰি দাখিল কৰা হৈছে।
কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈয়ে নিশ্চিত কৰিছে যে মুঠ ১১৯জন সাংসদে এই প্ৰস্তাৱত স্বাক্ষৰ কৰিছে। দিনৰ ১:১৪ বজাত লোকসভাৰ মহাসচিবক জাননী দাখিল কৰা হৈছে। বিৰোধীয়ে জনোৱা অনুসৰি, জাননী দাখিলৰ পাছত অধ্যক্ষ ওম বিৰলাই সদনৰ কাম-কাজৰ অধ্যক্ষতা চলাই নিব নোৱাৰিব।
ইফালে, চলি থকা অচলাৱস্থা সমাধানৰ বাবে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু সকলো দলৰ নেতাৰ সৈতে বৈঠকত বহে।
ডিজিটেল ডেস্ক, ১০ ফেব্ৰুৱাৰী