নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি তামিলনাডুত ষ্টেলিন, পুডুচেৰীত ৰংগস্বামীৰ মুখ্যমন্ত্রীৰ শপত

নিয়মীয়া বাৰ্তা ৭ মেঃ আজি তামিলনাডুৰ মুখ্যমন্ত্রী হিচাপে শপত গ্রহণ কৰিব ডিএমকেৰ মুৰব্বী এম কে ষ্টেলিনে৷ তেনেদৰে পুডুচেৰীত মুখ্যমন্ত্রীৰ শপত ল’ব এআইএনআৰচিৰ মুৰব্বী এন ৰংগস্বামীয়ে৷ যোৱা ২ মে’ত ঘোষিত বিধানসভা নির্বাচনৰ ফলাফলত তামিলনাডুত শাসকীয় এআইএডিএমকেক পৰাভূত কৰি শাসনৰ গাদীত অধিষ্ঠিত হোৱা ডিএমকেৰ মুৰব্বী এন কে ষ্টেলিনক আজি পুৱা ৯বজাত ৰাজভৱনত মুখ্যমন্ত্রীৰ শপতবাক্য পাঠ কৰাব ৰাজ্যপাল বানৱাৰীলাল পুৰোহিতে৷

কালি ডিএমকেৰ বিধায়িনী দলৰ নেতা ষ্টেলিনক মুখ্যমন্ত্রী হিচাপে ৰাজ্যপালগৰাকীয়ে নিযুক্তি দিয়াৰ পিছত আজি শপত গ্রহণ কৰিব৷ এই শপতগ্রহণ কার্যসূচীতে ৩৪গৰাকী মন্ত্রীয়ে শপতগ্রহণ কৰাৰ সম্ভাৱনা আছে৷ আনপিনে কেন্দ্রীয় শাসিত অঞ্চল পুডুচেৰীত আজি এআইএনআৰচি আৰু বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰৰ মুখ্যমন্ত্রী হিচাপে শপত ল’ব এন ৰংগস্বামীয়ে৷ উপ–ৰাজ্যপাল তামিলীচাই সৌন্দৰাজনে ৰাজনিৱাসত মুখ্যমন্ত্রীৰ শপতবাক্য পাঠ কৰাব৷ তথ্য মতে আজি ৰংগস্বামীয়ে অকলেই শপত গ্রহণ কৰিব৷ পৰৱর্তী কেইদিনমানৰ পিছত মন্ত্রীসভা গঠন কৰা হ’ব৷

You might also like