এইখন ৰাজ্যই গ্ৰহণ কৰিলে এক কঠোৰ সিদ্ধান্ত, Work From Home-ৰ নিৰ্দেশনা জাৰি
কোম্পানীসমূহক staggered working hours প্ৰয়োগ কৰিব বুলি উপদেশ দিয়া হৈছে
দিল্লীত শীতৰ সময়ছোৱাত প্ৰদূষণ বৃদ্ধি ধৰি পোৱাৰ পিছত চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈছে। পৰিৱেশত পাৰ্টিকুলেট মেটাৰ (PM2.5 আৰু PM10)ৰ মাত্রা অতি অধিক বৃদ্ধি পোৱা আৰু বায়ু ‘অতি বেয়া’ শ্ৰেণীত উপনীত হোৱাৰ পৰিপ্ৰেক্ষিতত পৰিবেশ বিভাগে এক আদেশ জাৰি কৰিছে যে চৰকাৰী আৰু ব্যক্তিগত ধৰণৰ দপ্তৰে এতিয়া কেৱল ৫০% কৰ্মচাৰী লৈ কাম কৰিব, বাকী কৰ্মচাৰীয়ে ঘৰৰে পৰা কাম (Work From Home) কৰিব লাগিব। এই আদেশ তৎক্ষণাত কার্যকৰী হৈছে।
এই সিদ্ধান্ত গ্রেডেড ৰেসপন্স এক্সন প্লান (GRAP)ৰ ষ্টেজ-III অনুসৰি লোৱা হৈছে, যি দিল্লী–এনচিআৰ অঞ্চলে বায়ুগুণমান বেয়া হ’লে প্ৰয়োগ কৰা হয়। আদেশত উল্লেখ কৰা হৈছে যে কেইবাদিন ধৰি দিল্লীৰ বায়ু অত্যন্ত বেয়া অৱস্থাত আছে, সেইবাবে যাত্ৰা–বাহনৰ সংখ্যা কমাবলৈ দপ্তৰত উপস্থিতি হ্ৰাস কৰাটো আৱশ্যক।
চৰকাৰী দপ্তৰৰ বাবে নিৰ্দেশ
- সকলো বিভাগীয় মুখ্য আৰু সচিব নিয়মীয়াকৈ দপ্তৰত যাব লাগিব।
- ৫০%ৰ অধিক ষ্টাফ দপ্তৰত উপস্থিত থাকিব নোৱাৰিব।
- বাকী কৰ্মচাৰীয়ে ঘৰৰ পৰা কাম কৰিব পাৰিব।
- কোনো অত্যাৱশ্যক সেৱাৰ প্ৰয়োজন হ’লে বিভাগে সংশ্লিষ্ট কৰ্মচাৰী বা আধিকাৰিকক দপ্তৰত মাতিব পাৰে যাতে গুৰুত্বপূর্ণ কাম ব্যাহত নহয়।
ব্যক্তিগত দপ্তৰৰ বাবে নিৰ্দেশ
- ৰাজ্য চৰকাৰে স্পষ্টকৈ কয় যে ব্যক্তিগত দপ্তৰসমূহেও এই ব্যৱস্থা অব্যাহত ৰাখিব লাগিব।
- ব্যক্তিগত অফিচেও সৰ্বাধিক ৫০% সক্ষমতাৰে চলিব।
- বাকী কৰ্মচাৰীয়ে বাধ্যতামূলকভাৱে ৱর্ক ফ্ৰম হোম কৰিব লাগিব।
- যি ঠাইত সম্ভৱ, কোম্পানীসমূহক staggered working hours প্ৰয়োগ কৰিব বুলি উপদেশ দিয়া হৈছে।
- যাতায়াত কমাবলৈ ৱর্ক–ফ্ৰম–হোম নিয়ম কঠোৰভাৱে পালনৰ বাবে উপদেশ দিয়া হৈছে।
কোন–কোন বিভাগ এই আদেশৰ পৰা মুক্ত থাকিব?
- হাস্পতাল, স্বাস্থ্য সেৱা
- অগ্নিনিৰ্বাপক সেৱা
- জেল, পানী, পৰিচ্ছন্নতা–সংক্রান্ত সেৱা
- জন–পৰিবহণ
- পৰিবেশ, বন আৰু বিপদ–ব্যৱস্থাপনা বিভাগ
- প্ৰদূষণ নিয়ন্ত্ৰণ, মনিটৰিং আৰু প্ৰৱর্তন–সংক্রান্ত দলসমূহ
দিল্লী চৰকাৰে আদেশত কয় যে যানবাহনৰ সংখ্যা কমোৱা নোহোৱাকৈ প্ৰদূষণ নিয়ন্ত্ৰণ কৰা কঠিন। সেয়ে দপ্তৰত উপস্থিতি কমোৱাৰ উদ্দেশ্য হল—ৰাস্তাত বাহনৰ সংখ্যা কমোৱা, আৰু বায়ু প্ৰদূষণ কিছু পৰিমাণত হ্ৰাস পাব।
আগততেই CAQM (Commission for Air Quality Management) এ পৰামৰ্শ দিছিল যে GRAP ষ্টেজ-III ত এই পদক্ষেপ অত্যাৱশ্যক। উচ্চতম ন্যায়ালয়ত শুনানিৰ পিছত CAQM-এ ধাৰণা স্পষ্ট কৰিছিল যে প্ৰদূষণ কমাবলৈ দপ্তৰৰ শাৰীৰিক উপস্থিতি হ্ৰাস কৰা উচিত।
জিলা শাসক, আৰক্ষী আয়ুক্ত আৰু বিভিন্ন বিভাগৰ প্ৰধানক আদেশ কঠোৰভাৱে পালন কৰি উঠিবলৈ নির্দেশ দিয়া হৈছে। ব্যক্তিগত দপ্তৰসমূহত এই আদেশ পালনৰ দায়িত্ব স্থানীয় প্রশাসনক দিয়া হৈছে।
আদেশত উল্লেখ আছে যে পৰিৱেশ সংৰক্ষণ আইন, ১৯৮৬ৰ অধীনত জাৰি কৰা আদেশ লংঘন কৰিলে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
ডিজিটেল ডেস্ক, ২৪ নৱেম্বৰ