নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা পাঁচদিনীয়াকৈ অসম বিধানসভাৰ শীলকালীন অধিৱেশন

ডিজিটেল ডেস্ক, ২৪ নৱেম্বৰ : কাইলৈৰ পৰা অর্থাৎ ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ শীলকালীন অধিৱেশন৷ পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা শীতকালীন অধিৱেশনক লৈ ইতিমধ্যে সম্পূর্ণৰূপে সাজু হৈছে বিধানসভা সচিবালয়৷ সদনত জুবিন গার্গৰ ৰহস্যজনক মৃত্যুৰ বিষয়টোও আলোচনা হোৱাৰ সম্ভাৱনা আছে৷

এইবাৰৰ বিধানসভাৰ অধিৱেশন চলিত কাৰ্যকালৰ শেষৰখন অধিৱেশন, গতিকে সকলো বিৰোধী দলৰ সদস্যই তেওঁলোকক কিছু কথা ক’বলৈ সুযোগ দিব লাগে বুলি মত প্রকাশ কৰে৷

আনহাতে, এই অধিৱেশনত সদনৰ মজিয়াত ২৬খনকৈ ন–পুৰণি বিধেয়ক উত্থাপন হ’ব৷ ইয়াৰে ৫খন সম্পূর্ণ নতুন বিধেয়ক৷ আনহাতে, ২১খন সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে৷ এইবাৰৰ বিধানসভা অধিৱেশনত কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনালৈ চাই অধিৱেশনখনৰ দিন বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে৷ বিধানসভাৰ অধিৱেশনখন এইবাৰ বিশেষভাৱে গুৰুত্বপূর্ণ হ’ব৷ কাৰণ, এইবাৰৰ অধিৱেশনতে অসম আন্দোলনৰ সময়ত সংঘটিত নেলীৰ ঘটনাৰ তদন্তৰ দুখন প্রতিবেদন ক্রমে তিৱাৰী আয়োগৰ প্রতিবেদন আৰু মেহতা আয়োগৰ প্রতিবেদন দাখিল কৰিব পাৰে৷ তদুপৰি অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দর্ভত গঠন কৰা মন্ত্রীগোটৰ প্রতিবেদনো দাখিল হ’ব পাৰে৷ উত্থাপন হ’ব পাৰে মৰাণ–মটক জনগোষ্ঠীৰ জনজাতিকৰণ সম্পর্কিত বিষয়টোও৷

আনহাতে, এইবাৰৰ বিধানসভা অধিৱেশনতে বহুবিবাহ বিলুপ্তি কৰা আৰু লাভ জেহাদ প্রথা ৰোধ সম্পর্কীয় বিধেয়ক উত্থাপন হোৱাৰ লগতে চাহ বাগিচাৰ আদিবাসী জনগোষ্ঠীৰ বাবে ভূমিৰ অধিকাৰ সম্পর্কীয় বিধেয়ক আৰু সত্র সংৰক্ষণ তথা সুৰক্ষা সম্পর্কীয় বিধেয়কো উত্থাপন কৰা হ’ব৷

You might also like