মাটিমাহৰ খেতি কৰি বিপদত, পথাৰতে মৰহিছে কৃষক-ৰ সেউজীয়া সপোন
লাভজনক মাটিমাহৰ খেতি কৰিও বিপদত পৰিছে কৃষিসর্বস্ব ঢকুৱাখনাৰ একাংশ কৃষক।ৰাজ্যৰ কৃষি অৰ্থনীতিলৈ প্ৰভূত বৰঙণি আগবঢ়োৱা মাটিমাহৰ খেতি কৰি চকুৱে সৰিয়হ ফুল দেখিছে কৃষকে।পথাৰৰ খেতি দেখি স্তম্ভিত হৈ মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে চহা কৃষকৰ।
মূৰৰ ঘাম মাটিত পেলাই বিঘাই বিঘাই কৰা মাটি মাহৰ খেতিত দেখা দিছে অচিন ৰোগে। ঢকুৱাখনা কৃষি চক্ৰৰ অন্তৰ্গত ডিমৰুগুৰি পঞ্চায়তৰ শ শ বিঘা কৃষিভূমিত কৰা মাটিমাহৰ খেতিত নাই ফচল।
পঞ্চায়টোৰ আলিমূৰ দাংধৰা, নাৰায়নপুৰ চাপৰি,খামন আদিকে কৰি কেবাখনো গাঁৱৰ কৃষসকলে শ শ বিঘা কৃষিভূমিত কৰা মাটি মাহসমূহ ফুল ফুলাৰ সময়তে অচিন ৰোগত আক্ৰান্ত হৈ এফালৰ পৰা পথাৰতে শুকাই যোৱা দেখা গৈছে।
ফলত ফচল চপোৱাৰ পৰিৱৰ্তে উপায়হীন কৃষকে খেতিপথাৰত এৰি দিছে গৰু। অঞ্চলটোৰ বহুকেইগৰাকী দুৰ্ভগীয়া কৃষকে দুখেৰে জানিবলৈ দিয়ে যে, তেওঁলোকে বহু আশাৰে অতি কষ্ট কৰি পূৰ্বৰ দৰেই এইবাৰো মাটিমাহৰ খেতি কৰিছিল৷
কোনোৱে যদি গৰুৱে হাল বাই মাটি চহাইছিল, বহুতে আকৌ গৰুৰ পৰিৱৰ্তে টেক্টৰে মাটি চহ কৰি মাটিমাহৰ খেতি কৰিছিল ৷কিন্তু পৰিতাপৰ বিষয় যে, প্ৰথম অৱস্থাত মাটিমাহৰ খেতিডৰা লহপহকৈ বাঢ়িও আহিছি।
কিন্তু ফচল ধৰাৰ প্ৰাকক্ষণত খেতিত অচিন ৰোগে দেখা দিয়ে।ফুল ফুলাৰ সময়তে অচিন ৰোগত আক্ৰান্ত হৈ মাটিমাহৰ পাতসমূহ এফালৰ পৰা হালধীয়া বৰণ ধৰি পথাৰতে শ শ বিঘা মাটিমাহৰ খেতি শুকাই যোৱাত ফচল চপোৱাৰ পৰিৱৰ্তে উপায়হীন কৃষকে খেতিপথাৰত এৰি দিছে গৰু।
মাটিমাহৰ খেতি কৰি উপাৰ্জনৰ সপোন দেখা এইসকল কৃষকৰ পৰিয়ালৰ মাজত এতিয়া সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। লাভজনক মাটিমাহৰ খেতিৰে সেইজীয়া সপোন দেখা দৰিদ্ৰ কৃষক ৰাইজে এতিয়া হাজাৰ হাজাৰ টকা লোকচানৰ সন্মুখীন হোৱাৰ আশংকা প্ৰকাশ কৰিছে।
কিন্তু, কৃষকৰ এনে দুৰ্দশাৰ পিছতো নীৰৱ ৰাজ্যৰ বিয়াগগোম কৃষি বিভাগ। মূৰে কপালে হাত দিয়া দুৰ্ভগীয়া কৃষকে ইয়াৰ উচিত ক্ষতিপুৰণৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে কৃষি বিভাগলৈ।
নিয়মীয়া বার্তা, ঢকুৱাখনা, ২৪নৱেম্বৰ