জীমত মহিলাক প্রশিক্ষণ পুৰুষৰ : উদ্বিগ্নতা এলাহাবাদ হাইক’ৰ্টৰ
জীমসমূহত মহিলাক পুৰুষে প্রশিক্ষণ দিয়াক লৈ উদ্বিগ্নতা প্রকাশ কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে৷ জীমত পর্যাপ্ত সুৰক্ষা ব্যৱস্থা অবিহনে এই প্রক্রিয়া চলি আছে বুলি উদ্বিগ্নতা প্রকাশ কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ে জীমলৈ যোৱা যুৱতী আৰু মহিলাৰ নিৰাপত্তা সন্দর্ভতো প্রশ্ন উত্থাপন কৰে৷
মীৰাটৰ এজন জীম প্রশিক্ষকৰ বিৰুদ্ধে এগৰাকী মহিলাই জাতিবিদ্বেষী মন্তব্য কৰাৰ অভিযোগ তুলি গোচৰ ৰুজু কৰে৷ এই গোচৰৰ শুনানি গ্রহণ কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ে জীমসমূহক লৈ এই মত ব্যক্ত কৰিছে৷
উল্লেখ্য যে মীৰাটৰ জীম এটাত নীতিন ছাইনী নামৰ পুৰুষ প্রশিক্ষক এজনে মহিলাক প্রশিক্ষণ দি থকাৰ সময়ত আপত্তিজনক ভিডিঅ’ ৰেকর্ডিং কৰে আৰু সেই ভিডিঅ’ অইনলৈ পঠিয়ায়৷ এই গোচৰ নিম্ন আদালতৰ পৰা গৈ উচ্চ ন্যায়ালয়ত শুনানি হয়৷
Niyomiya Barta Desk, 3 September