নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮ মাহত ১৬ কোটিৰ হেৰ’ইনসহ ১২২ সবৰাহকাৰীক গ্রেপ্তাৰ পাণবজাৰ আৰক্ষীৰ

গুৱাহাটী মহানগৰীত অব্যাহত আছে ড্রাগ্ছৰ ৰমৰমীয়া বেহা৷ মহানগৰ আৰক্ষীয়ে ধাৰাবাহিকভাৱে ড্রাগ্ছবিৰোধী অভিযান অব্যাহত ৰাখিছে৷

আৰক্ষীৰ অভিযানত ড্রাগ্ছসহ কেইবাশ সৰবৰাহকাৰী জালত পৰিছে৷ মধ্য আৰক্ষী জিলাৰ অন্তর্গত পাণবজাৰ থানাৰ আৰক্ষীয়ে বিগত ৮ মাহত মুঠ ১৬ কোটি টকাৰ হেৰ’ইনসহ ১২২টা সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

পাণবজাৰ থানাত চলিত বর্ষৰ জানুৱাৰীৰ পৰা ২৬ আগষ্টলৈকে এনডিপিএছ এক্টৰ অধীনত সর্বমুঠ ১০০টা গোচৰ ৰুজু হৈছে৷ এনডিপিএছ এক্টৰ অধীনত ৰুজু হোৱা গোচৰৰ ভিত্তিত ১২২জন লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷

পাণবজাৰ থানাৰ আৰক্ষীয়ে প্রায় ২ কেজি হেৰ’ইন, ২০ হাজাৰ য়াবা টেবলেট, প্রায় ১ লাখ নগদ ধন, ৫খন বাহন, ২৭টা ম’বাইল, ১,২৬০টা ড্রাগছভর্তি কণ্টেইনাৰ, ৬১৭টা খালী কণ্টেইনাৰ, ১২টা চাবোনৰ বাকচত ভৰাই অনা হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছে৷

Niyomiya Barta Desk, 3 September

You might also like