নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱাটছএপৰ নতুন গোপনীয়তা নীতিক লৈ দিল্লী উচ্চ ন্যায়ালয়

নিয়মীয়া বাৰ্তা   ১৯ জানুৱাৰীঃ ছ’চিয়েল মিডিয়া ৱাটছএপে গোপনীয়তাৰ অধিকাৰ উলংঘন আৰু সুৰক্ষা বিঘ্ণিত কৰা বুলি দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা ৰাজহুৱা স্বার্থজনিত আবেদন (পিআইএল)ৰ শুনানি গ্রহণ কৰি তাৎপর্যপূর্ণ মন্তব্য দিয়ে৷ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ সচদেৱে পি আই এলৰ শুনানি গ্রহণ কৰি কয় যে যদি ৱাটছএপৰ নতুন গোপনীয়তা নীতিক গ্রহণ কৰিব নোৱাৰে, তেতিয়াহ’লে এপটো ব্যৱহাৰ নকৰিব৷ অর্থাৎ ইচ্ছুক নহ’লে এপটো ব্যৱহাৰ নকৰিব৷ তদুপৰি ন্যায়াধীশগৰাকীয়ে পুনৰ কয় যে ৱাটছএপ এটা ব্যক্তিগত এপ৷ ইয়াত অংশ নল’ব৷ এইটো স্বেচ্ছামূলক বস্তু, গ্রহণ নকৰিব৷

আন এপ ব্যৱহাৰ কৰক৷ উল্লেখ্য যে ফেব্রুৱাৰীৰ পৰা বলৱৎ হ’বলগীয়া ৱাটছএপৰ নতুন গোপনীয়তা নীতিক লৈ অধিবক্তা এজনে দিল্লী উচ্চ ন্যায়ালয়ত এই নীতিৰ বিৰোধিতা কৰি আবেদন দাখিল কৰিছে৷ সেই আবেদনৰ শুনানি আজি গ্রহণ কৰি ন্যায়াধীশগৰাকীয়ে গুৰুত্বপূর্ণ মন্তব্য দিয়ে৷ আজি ৱাটছএপ আৰু ফেচবুকৰ হৈ ন্যায়ালয়ত যুক্তি প্রদর্শন কৰে জ্যেষ্ঠ অধিবক্তা কপিল শিৱাল আৰু মুকুল ৰহটগিয়ে৷

তাৎপর্যপূর্ণ যে ৱাটছএপে নাগৰিকৰ গোপনীয়তাৰ অধিকাৰ উলংঘন কৰাৰ লগতে ৰাষ্ট্রীয় সুৰক্ষা বিঘ্ণিত কৰে বুলি উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ পিছত সর্বোচ্চ ন্যায়ালয়ে ৱাটছএপক নতুন নীতি প্রস্তুত কৰাৰ নির্দেশনা দিয়ে৷ সেই মর্মে ৱাটছএপ কর্তৃপক্ষই ফেব্রুৱাৰীত নতুন নীতি বলৱৎ কৰাৰ কথা আছিল যদিও বিভিন্ন কাৰণত মে’ মাহলৈকে পিছুৱাই দিয়া হৈছে৷

You might also like