নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ ১১ মাইলৰ পাচলিৰ বজাৰখন…

ঘনকান্ত বৰা, কঠীয়াতলী
ফোনঃ ৬০০০১–৫১১৮৭

নগাঁও সদৰৰ পৰা দক্ষিণ দিশত ৩৬নং ৰাষ্ট্রীয় ঘাইপথেৰে ১১ মাইল গ’লে যিখন ঠাই পাব পাৰি, সেই ঠাইখনৰ নামকৰণ কৰা হৈছে ১১ মাইল বুলি৷ বর্তমান সময়ত বহু লোকেই শাক–পাচলিৰ খেতি কৰিবলৈ এৰিছে যদিও ১১ মাইল অঞ্চলত কেইখনমান গাঁৱৰ ৰাইজে শাক–পাচলিৰ খেতি কৰি এখন বজাৰ সৃষ্টি কৰিছে৷ পাচলি খেতিৰ জৰিয়তে অঞ্চলটোৰ কৃষকসকল স্বাৱলম্বী হোৱা পৰিলক্ষিত হৈছে৷ উৎপাদিত শস্যবোৰ পুৱা ৫ বজাৰ লগে লগে ১১ মাইলৰ বজাৰত বিক্রীৰ বাবে অনা হয় আৰু কিছুমান শিক্ষিত যুৱকে সেইবোৰ ক্রয় কৰি অসমৰ বিভিন্ন বজাৰলৈ প্রেৰণ কৰে৷ আজিকালি ৰাসায়নিক সাৰ প্রয়োগ আৰু অতিৰিক্ত কীটনাশক ব্যৱহাৰ কৰাৰ ফলত পাচলি বিষাক্ত হয় আৰু সেই পাচলি সেৱন কৰি মানুহৰ নানান ৰোগ হোৱা দেখা গৈছে৷ ইয়াৰ খেতিয়কসকলে জৈৱিক সাৰ প্রয়োগ কৰাৰ লগতে কম পৰিমাণৰ কীটনাশক ঔষধ ব্যৱহাৰ কৰাৰ কাৰণে এই অঞ্চলত পাচলিৰ চাহিদা বেছি৷ সেয়ে কার্বি আংলং জিলা, লখিমপুৰ, শিৱসাগৰ, তেজপুৰ, ধেমাজি, তিনিচুকীয়া, মেঘালয় আৰু নাগালেণ্ডলৈ ইয়াৰ পাচলি ৰপ্তানি হয়৷ এজন পাইকাৰী ব্যৱসায়ীয়ে ৪ ঘণ্টা সময়ৰ ভিতৰতে এক লাখ টকালৈকে পাচলি ক্রয় কৰে৷ এনেকৈ প্রায় আঠজনমান ব্যৱসায়ীয়ে অতি কম সময়ৰ ভিতৰত ক্রয়–বিক্রয় কৰি দিনে ১,৫০০ টকাৰ পৰা ২,০০০ টকা পর্যন্ত আয় কৰে৷ প্রতিদিনে ১১ মাইলৰ বজাৰখনৰ জৰিয়তে অঞ্চলটোৰ সকলো উৎপাদিত পাচলি ৰপ্তানি হোৱাৰ ফলত কৃষক ৰাইজৰ জীৱন ধাৰণৰ পথ সুচল হৈছে৷ এই পাইকাৰী বজাৰখনৰ জৰিয়তে প্রতিবেশী বজাৰসমূহত ক্ষুদ্র ব্যৱসায়ীসকলে কম দৰতে পাচলি ক্রয় কৰি খুচুৰাকৈ বিক্রী কৰি লাভৱান হৈছে৷ বজাৰখনলৈ কাষৰীয়া যিকেইখন গাঁৱৰ কৃষকে পাচলি আনে, সেই গাঁওকেইখন হ’ল উৰিয়াগ্রাণ্ট ৰাঙলু, জুমৰমুৰ, কার্বি ব্লক পকাই গাঁও, টুবুকী গ্রাণ্ট, পশ্চিম কাৱৈমাৰী, ৰাঙলুগাঁও আৰু পূব কাৱৈমাৰী৷ কৃষকসকলৰ এটা অভিযোগ যে প্রচুৰ পৰিমাণে এই গাঁওসমূহত শাক–পাচলি উৎপন্ন হোৱাৰ পিছতো কৃষি ঋণৰ ব্যৱস্থা সঠিকভাৱে হোৱা নাই৷ এটা বিয়াগোম কৃষি বিভাগ থকাৰ পিছতো অঞ্চলটোত কৃষি বিভাগৰ কর্মী বা বিষয়াই উন্নয়নমূলক আঁচনি প্রয়োগৰ ব্যৱস্থা হাতত লোৱা নাই৷ কেইজনমান স্থানীয় ব্যৱসায়ীৰ পৰা জানিব পাৰিছোঁ যে চামচুল হকৰ কাটাৰ পৰা দৈনিক ৮০ হাজাৰ টকালৈ পাচলি ৰপ্তানি হয়৷ ১৯৯০ চনৰ পৰা এই ব্যৱসায়ৰ লগত একাণপতীয়াকৈ জড়িত হৈ আর্থিকভাৱে টনকিয়াল হৈছে৷ আলী হুছেইনৰ কাটাৰ পৰা দৈনিক লাখ টকাৰ পাচলি ৰপ্তানি হয়৷ তেওঁ দৈনিক ২ হাজাৰমান টকা আয় কৰি আর্থিকভাৱে সচ্ছল হৈছে৷ সেই হিচাপে খাইৰুল ইছলাম আৰু আব্দুল ছালামেও ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হৈছে বুলি জনাই এওঁলোকৰ আদর্শৰে আৰু বহুজনে পাচলি ব্যৱসায়ৰ লগত জড়িত হৈ চৰকাৰী চাকৰিৰ মোহ ত্যাগ কৰি সচ্ছলতাৰে জীৱন নির্বাহ কৰি আছে৷ বজাৰখনৰ দ্বাৰা চাহৰ হোটেলৰ লগত অন্যান্য ক্ষুদ্র ব্যৱসায়ীসকলো লাভান্বিত হৈছে৷

You might also like