নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম মাধ্যমিক শিক্ষা পৰিষদৰ ৩ পদৰ বিজ্ঞাপন

অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত পৰিচালিত অসম মাধ্যমিক শিক্ষা পৰিষদ(Board of Secondary Education, Assam)ত খালী হৈছেJunior Administrative Assistant cum Program Assistantৰ ৩ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিSEBAৰSecretary–এ এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Junior Administrative Assistant cum Program Assistant পদৰ প্রার্থী গড়ে ৫৫ শতাংশ নম্বৰেৰে যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ MCA (Master of Computer Application)/BCA (Bachelor of Computer Application) ডিগ্রীধাৰী আৰুComputer Applicationৰ অভিজ্ঞতা থকা প্রার্থীয়ে অগ্রাধিকাৰ লাভ কৰিব৷ মাহে ১৮,০০০ টকা লাভ কৰিব৷ বয়স ১ জানুৱাৰী, ২০২২লৈ ২১–৪৩ বছৰ৷ আবেদন মাচুল হিচাপে ডিমাণ্ড ড্রাফ্টযোগে যিকোনো ৰাষ্ট্রীয় বেংকৰ মাধ্যমেৰে নাইবা চালানযোগে অসম কো–পাৰেটিভ এপেক্স বেংকৰ মাধ্যমেৰে অসম মাধ্যমিক শিক্ষা পৰিষদৰ সচিবৰ হকে ২৫০ টকা পৰিশোধ কৰিব লাগিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইট www.sebaonline.org লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১৫ নৱেম্বৰ, ২০২২৷

অনলাইনযোগে আবেদন দাখিল কৰাৰ প্রিণ্ট আউট কপী ডাকযোগে To, The Secretary, Board of Secondary Education (SEBA), Assam, Guwahati-781021 ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ হার্ড কপী প্রেৰণৰ অন্তিম তাৰিখ ২৫ নৱেম্বৰ, ২০২২৷

You might also like