নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাব্লিক হেল্থ ইঞ্জিনীয়াৰিং বিভাগত ৩৪৫টা পদ খালী

✅আবেদনৰ অন্তিম তাৰিখ ২–৫ ডিচেম্বৰ

আছাম পাব্লিক ছার্ভিচ কমিছনৰ তৰফৰ পৰা দুখন নিয়োগ সম্পর্কীয় জাননী জাৰি কৰা হৈছে৷ সেই অনুসৰি অসম চৰকাৰৰ পাব্লিক হেল্থ ইঞ্জিনীয়াৰিং বিভাগত ৩৪৫টা সহকাৰী অভিযন্তা আৰু জুনিয়ৰ ইঞ্জিনীয়াৰৰ পদ খালী হৈছে৷ আগ্রহী আৰু অর্হতাসম্পন্ন প্রার্থীসকলে অনলাইনযোগে আবেদন জনাব পাৰিব৷ সহকাৰী ইঞ্জিনীয়াৰ (চিভিল/মেকানিকেল/ইলেক্ট্রিকেল/ কেমিকেল)ৰ খালী পদ ৮১টা৷ চিভিলত ৭১টা, মেকানিকেলত ৪টা, ইলেক্ট্রিকেলত ৪টা আৰু কেমিকেলত ২টা পদ খালী আছে৷ প্রার্থীসকলক মাহিলি ৩০,০০০ টকাৰ পৰা ১,১০,০০০ টকা দৰমহা দিয়া হ’ব৷ প্রার্থীসকল স্বীকৃতিপ্রাপ্ত প্রতিষ্ঠানৰ পৰা বি ই/বি টেক ডিগ্রীধাৰী হ’ব লাগিব৷ জুনিয়ৰ ইঞ্জিনীয়াৰ (চিভিল/মেকানিকেল/ইলেক্ট্রিকেল/কেমিকেল)ৰ খালী পদ ২৬৪টা৷ ইয়াৰে চিভিলৰ ২১২টা, মেকানিকেলৰ ২৬টা, ইলেক্ট্রিকেলৰ ১৩টা আৰু কেমিকেলৰ ১৩টা পদ খালী হৈছে৷ প্রার্থীসকলক মাহিলি ১৪,০০০ টকাৰ ৭০,০০০ টকা দৰমহা দিয়া হ’ব৷ সংশ্লিষ্ট বিষয়ত প্রার্থীসকলে ৩ বছৰৰ ডিপ্ল’মাধাৰী হ’ব লাগিব৷ প্রার্থীসকলৰ বয়স ২০২৩ চনৰ ১ জানুৱাৰীত ১৮ বছৰৰ কম অথবা ৩৮ বছৰৰ অধিক হ’ব নালাগিব৷ এছ চি আৰু এছ টি শ্রেণীৰ প্রার্থীৰ বয়স ৫ বছৰ, অ’বিচি/এম’বিচিৰ বয়স ৩ বছৰ আৰু পিডব্লিউবিডি শ্রেণীভুক্ত প্রার্থীৰ বয়স ১০ বছৰ ৰেহাই দিয়া হ’ব৷ প্রার্থীসকল অসমৰ স্থায়ী বাসিন্দা হোৱা উচিত৷ প্রার্থীসকলৰ নাম নিয়োগ বিনিময় কেন্দ্রত পঞ্জীয়নভুক্ত হ’ব লাগিব৷ সাধাৰণ আৰু ইডব্লিউএছ শ্রেণীভুক্ত প্রার্থীয়ে আবেদন–পত্রৰ সৈতে ২৯৭ টকা আৰু এছচি/এছটি, অ’বিচি, এম’বিচি প্রার্থীয়ে ১৯৭ টকা তথা বিপিএল, পিডব্লিউবিডি শ্রেণীৰ প্রার্থীয়ে ৪৭ টকা জমা দিব লাগিব৷ আগ্রহী প্রার্থীসকলে ২ আৰু ৫ ডিচেম্বৰৰ ভিতৰত আবেদন জমা দিব লাগিব৷

You might also like