নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ষ্টাফ ছিলেকচন কমিছনত আবেদনৰ অন্তিম তাৰিখ ৩০ ডিচেম্বৰ

প্রতি বছৰে ষ্টাফ ছিলেকচন কমিছন (এছএছচি) তৰফৰ পৰা বিভিন্ন নিয়োগৰ পৰীক্ষাৰ আয়োজন কৰা হয়৷ পৰীক্ষাত কৃতকার্যতাৰ পিছত দেশৰ বিভিন্ন চৰকাৰী সংস্থা, দপ্তৰ অথবা মন্ত্রালয়ত নিযুক্তি দিয়া হয় প্রার্থীসকলক৷ ২০২৪ চনত বিভিন্ন প্রতিযোগিতামূলক নিয়োগ পৰীক্ষাৰ আয়োজন কৰা হ’ব৷ ইতিমধ্যে কমিছনৰ ৱেবছাইটত পৰীক্ষা সম্পর্কীয় বিজ্ঞাপন প্রকাশ কৰা হৈছে৷ ২০২৪–২৫ৰ বাবে প্রকাশিত বিজ্ঞাপন অনুসৰি গ্রেড–চি ষ্টেন’গ্রাফাৰ লিমিটেড ডিপার্টমেণ্টেল কম্পিটিটিভ এগজামিনেচন (২০২৩–২৪), জেএছএ/এলডিচি গ্রেড লিমিটেড ডিপার্টমেণ্টেল এগজামিনেচন (২০২৩–২৪), এছএছএ/ইউডিচি গ্রেড লিমিটেড এগজামিনেচ ২০২৩–২৪ আৰু ছিলেকচন প’ষ্ট এগজাম, ফেজ ১২, ২০২৪ অনুষ্ঠিত হ’ব অহা বছৰ এপ্রিল–মে’ মাহত৷ মে’–জুন মাহত আয়োজন কৰা হ’ব ছাব– ইন্সপেক্টৰ ইন দিল্লী পুলিচ এণ্ড চেণ্ড্রেল আর্মড পুলিচ ফ’র্চেছ এগজাম আৰু জুনিয়ৰ ইঞ্জিনীয়াৰ এগজাম৷ কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল পৰীক্ষাৰ আয়োজন কৰা হ’ব জুন–জুলাই মাহত৷ জুলাই–আগষ্ট মাহত হ’ব মাল্টি টাস্কিং (নন টেকনিকেল) ষ্টাফ এণ্ড হাবিলদাৰ (চিবিআইচি এণ্ড চিবিএন’ এগজাম৷ ছেপ্ঢেম্বৰ–ক্টোবৰ মাহত কম্বাইণ্ড গ্রেজুৱেট লেভেল পৰীক্ষাৰ আয়োজন কৰিব কমিছনে৷ ইয়াৰ পিছত অক্টোবৰ–নৱেম্বৰ মাহত জুনিয়ৰ হিন্দী ট্রেন্সলেটৰ, জুনিয়ৰ ট্রেন্সলেটৰ আৰু ছিনিয়ৰ হিন্দী ট্রেন্সলেটৰ, ২০২৪ আৰু ষ্টেন’গ্রাফাৰ গ্রেড–চি আৰু গ্রেড–ডি পৰীক্ষা অনুষ্ঠিত হ’ব৷ সর্বশেষত ২০২৪ৰ ডিচেম্বৰৰ পৰা ২০২৫ৰ জানুৱাৰী মাহত কনিষ্টবল জিডি ইন চেণ্ড্রেল আর্মড পুলিচ ফর্চেছ, এনআইএ, এছএছএফ, ৰাইফল মেন জিডি ইন, আছাম ৰাইফল পৰীক্ষা অনুষ্ঠিত হ’ব৷ আগ্রহীসকলে এছএছএৰ ৱেবছাইটতলৈ গৈ এই সম্পর্কীয় তথ্য সংগ্রহ কৰিব পাৰে৷

You might also like