নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫২জনকৈ শিক্ষকক তলব অভিযুক্তৰ দৰমহা বন্ধৰ নির্দেশ

ভুৱা প্রমাণ–পত্রৰে নিযুক্তিক লৈ তৎপৰ বিটিচিৰ শিক্ষা বিভাগ

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ বিটিচিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক নিযুক্তিৰ ক্ষেত্রত ব্যাপক অনিয়ম হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ বিশেষকৈ টেটৰ ভুৱা প্রমাণ–পত্রৰে একাংশ প্রার্থীয়ে শিক্ষক পদত নিযুক্তিৰ অভিযোগ উত্থাপন হৈছে৷ এই সন্দর্ভত বিটিচি শিক্ষা সঞ্চালকালয়ে অভিযোগ লাভ কৰাৰ পিছতে সমগ্র বিষয়টোৰ পুনৰ পৰীক্ষণৰ বাবে তৎপৰতাৰে ব্যৱস্থা গ্রহণ কৰিছে৷ সেই অনুসৰি ইতিমধ্যে চিনাক্ত হোৱা ৫২জন প্রার্থীক তলব কৰা হৈছে৷ বিটিচি শিক্ষা সঞ্চালকে এই প্রার্থীসকলৰ প্রকৃত প্রমাণ–পত্রসমূহ পুনৰ পৰীক্ষা কৰা হ’ব৷ সমান্তৰালভাৱে এক নির্দেশনাৰ জৰিয়তে বিটিচিৰ শিক্ষা সঞ্চালকে যিসকল শিক্ষকৰ বিৰুদ্ধে ভুৱা প্রমাণ–পত্র প্রদান কৰাৰ অভিযোগ উত্থাপন হৈছে, তেওঁলোকৰ দৰমহা সাময়িকভাৱে বন্ধ ৰাখিবলৈ নির্দেশ প্রদান কৰিছে৷

ইপিনে, নির্দেশনা লাভ কৰাৰ পিছতে বুধবাৰে বিটিচি শিক্ষা সঞ্চালকালয়ত উপস্থিত হয় ৩০জন শিক্ষক৷ অৱশ্যে এতিয়াও আন শিক্ষকসকল যাৱতীয় প্রমাণ–পত্র প্রদান কৰাৰ বাবে শিক্ষা সঞ্চালকালয়ত আজি উপস্থিত নহ’ল বুলি জানিব পৰা গৈছে৷ প্রাপ্ত তথ্য অনুসৰি যোৱা ১২ আগষ্টত বিটিচি উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুঠ ৮৫১গৰাকী শিক্ষকক নিযুক্তি প্রদান কৰা হৈছিল৷ যাৱতীয় নথিপত্র পৰীক্ষণৰ অন্তত এই নিযুক্তি প্রক্রিয়া সম্পন্ন কৰা হৈছিল যদিও পৰৱর্তী সময়ত কেইবাগৰাকী শিক্ষকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হয়৷ ইয়াৰ লগে লগে বিটিচি শিক্ষা সঞ্চালকালয়ে ছেবাৰ সৈতে যোগাযোগ কৰে৷ ইয়াৰ ভিত্তিত প্রাথমিকভাৱে প্রায় ৭৪জন শিক্ষকৰ তালিকা প্রস্তুত কৰা হৈছে৷

ইয়াৰে ৫২জনৰ ভিতৰত ৩৭জনক ৰঙা চিহ্ণৰে চিহ্ণিত কৰা হৈছে অর্থাৎ তেওঁলোকৰ প্রমাণ–পত্রসমূহ ভুৱা বুলি আশংকা কৰা হৈছে৷ সেয়েহে এই প্রার্থীসকলক পুনৰ সকলো নথিপত্র লৈ বিটিচি শিক্ষা সঞ্চালকালয়ত উপস্থিত হ’বলৈ নির্দেশ দিয়া হৈছিল৷ এই শিক্ষকসকলৰ প্রমাণ–পত্রসমূহ পৰীক্ষণৰ পিছতে শিক্ষা সঞ্চালকালয়ে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব বুলিও জানিব পৰা গৈছে৷ বিশেষকৈ ভুৱা প্রমাণ–পত্র প্রদান কৰা বুলি উত্থাপিত অভিযোগ সঁচা প্রমাণ হ’লে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণৰো যো–জা চলাইছে বিটিচি শিক্ষা সঞ্চালকালয়ে৷

লক্ষণীয় যে ভুৱা প্রমাণ–পত্র প্রদান কৰা বুলি অভিযোগ উত্থাপিত হোৱা শিক্ষকসকলৰ অধিকাংশই বাক্সা জিলাৰ৷ জিলাখনৰ মুঠ ৪১জন শিক্ষকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে৷ আনহাতে ওদালগুৰিৰ ৫জন, কোকৰঝাৰৰ তিনিজন আৰু ওদালগুৰিৰ তিনিজন শিক্ষকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে৷ অৱশ্যে বিটিচি শিক্ষা সঞ্চালকালয়ে অভিযোগ উত্থাপিত হোৱা শিক্ষকসকলৰ নথিপত্র পৰীক্ষণ প্রক্রিয়া সম্পূর্ণ কৰিলেহে সমগ্র বিষয়টো অধিক স্পষ্ট হৈ পৰিব৷

You might also like