নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ডাক বিভাগত ৭,১৬৪ খালী পদ

🔴আবেদনৰ অন্তিম তাৰিখ ৯ ডিচেম্বৰ

ভাৰত চৰকাৰৰ কমিউনিকেচন দপ্তৰৰ ভাৰতীয় ডাক বিভাগত ৭,১৬৪ খালী পদৰ বাবে আবেদন আহ্বান কৰা হৈছে৷ বিভাগটোত পোষ্টেল এচিছটেণ্ট, চর্টিং এচিছটেণ্ট, পোষ্টমেন, মেইল গার্ড আৰু মাল্টি টাস্কিং ষ্টাফৰ পদ খালী আছে৷ আগ্রহী প্রার্থীয়ে অনলাইনযোগে আবেদন জনাব পাৰিব৷ পোষ্টেল এচিছটেণ্টৰ খালী পদৰ সংখ্যা ৫৯৮টা৷ দৰমহা মাহিলি ২৫,৫০০ টকাৰ পৰা ৮১,১০০ টকা৷ প্রার্থীসকল কোনো স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতে কম্পিউটাৰৰ জ্ঞান থকা প্রয়োজন৷ চর্টিং এচিছটেণ্টৰ খালী পদৰ সংখ্যা ১৪৩টা৷ দৰমহা মাহিলি ২৫,৫০০ টকাৰ পৰা ৮১,১০০টকা৷ প্রার্থীসকল কোনো স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতে কম্পিউটাৰৰ জ্ঞান থকা প্রয়োজন৷ পোষ্টমেনৰ খালী পদৰ সংখ্যা ৫৮৫টা৷ দৰমহা মাহিলি ২১,৭০০ টকাৰ পৰা ৬৯,১০০ টকা৷ প্রার্থীসকল স্বীকৃতিপ্রাপ্ত ব’ডৰ পৰা দ্বাদশ শ্রেণী উত্তীর্ণ হ’ব লাগিব৷ প্রার্থীৰ কম্পিউটাৰৰ জ্ঞান থকাৰ লগতে স্থানীয় ভাষাৰ জ্ঞান থকা প্রয়োজন৷ আবেদনকাৰীৰ দুচকীয়া বাহন অথবা লঘু যান–বাহনৰ চালকৰ প্রমাণ–পত্র থাকিব লাগিব৷ মেইল গার্ডৰ খালী পদৰ সংখ্যা ৩টা৷ দৰমহা মাহিলি ২১,৭০০ টকাৰ পৰা ৬৯,১০০ টকা৷ প্রার্থী দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতে কম্পিউটাৰৰ জ্ঞান থকা প্রয়োজন৷ আবেদনকাৰীৰ দুচকীয়া বাহন অথবা লঘু যান–বাহনৰ চালকৰ প্রমাণ–পত্র থাকিব লাগিব৷ মাল্টি টাস্কিং ষ্টাফৰ খালী পদৰ সংখ্যা ৫৭০টা৷ দৰমহা মাহিলি ১৮,০০০ টকাৰ পৰা ৫৬,৯০০ টকা৷ পোষ্টেল এচিছটেণ্ট/চর্টিং এচিছটেণ্ট/পোষ্টমেন/মেইল গার্ডৰ প্রার্থীৰ বয়স ১৮ৰ পৰা ২৭ বছৰ হ’ব লাগিব৷ মাল্টি টাস্কিং পদৰ প্রার্থীৰ বয়স হ’ব লাগিব ১৮ৰ পৰা ২৫ বছৰৰ ভিতৰত৷ সংৰক্ষিত শ্রেণীৰ প্রার্থীৰ বয়স ৩ৰ পৰা ১০ বছৰলৈ ৰেহাই দিয়া হ’ব৷ ৰাজ্য অথবা দেশক ৰাষ্ট্রীয় অথবা আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাত প্রতিনিধিত্ব কৰা খেলুৱৈয়ে এই পদৰ বাবে আবেদন জনাব পাৰিব৷ তদুপৰি আন্তঃবিশ্ববিদ্যালয় প্রতিযোগিতা আৰু ৰাষ্ট্রীয় স্কুল গেমছত প্রতিনিধিত্ব কৰা প্রার্থীৰ বাবেও কিছু পদ সংৰক্ষিত৷ অ’বিচি প্রার্থীসকলে আবেদনৰ সৈতে ১০০ টকা জমা দিব লাগিব৷ আবেদন জমা দিয়াৰ অন্তিম তাৰিখ ৯ ডিচেম্বৰ৷

You might also like