নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানী প্রযুক্তি! মাজবাটতে বেয়া হ’ল দ্রুতগতিৰ অত্যাধুনিক বাছ, আৰু তাৰপাছত…

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ শিৰোনামত পাকিস্তানৰ দ্রুতগামী অত্যাধুনিক বাছ চার্ভিছ Peshawar Bus Rapid Transit বা বিআৰটি। বহু উন্নতমানৰ হ’লেও শেহতীয়াকৈ তেওঁলোকৰে এখন বাছ মাজপথতে বেয়া হৈ যায়। যাৰ পাছত যাত্রীসকলে ঠেলি বাছখনক আগুৱাই নিয়ে। যাৰ এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে আডবাৰা ষ্টেছনৰ কাষত বেয়া হৈ পৰে বিআৰটিৰ যাত্ৰীবাহী অত্যাধুনিক বাছখন। যাৰ পাছত তাৰ যাত্ৰীসকলে নামি আহি বাছখন ঠেলিবলৈ ধৰে। কিছুসময়ৰ পাছত অৱশ্যে বাছখনৰ ইঞ্জিন ষ্টাৰ্ট হয় আৰু পুনৰ গন্তব্যস্থানৰ দিশে আগবাঢ়ে।

এই প্রসংগত সংস্থাটোৰ মুখপাত্রজন কয়, ‘‌‘‌যান্ত্রিক ত্রুটিৰ কাৰণে আডবাৰা ষ্টেছনৰ সমীপত তেওঁলোকৰ এখন বাছ বেয়া হয়। অৱশ্যে আমি পাছত তাৰ বিকল্প হিচাপে আন এখন বাছ পঠাও।’‌’

জানিব পৰা মতে এয়াই প্রথম নহয়, ইয়াৰ পূৰ্বেও দুর্নীতিৰ কাৰণে বিতর্কত সোমাই পৰিছিল এই সংস্থাটো।

You might also like