নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মীন বিভাগত নিযুক্তিৰ বাবে আবেদন আহ্বান

🟢আবেদনৰ অন্তিম তাৰিখ ৩০ নৱেম্বৰ

অসম চৰকাৰৰ অধীনস্থ মীন বিভাগত প্রধানমন্ত্রী মৎস্য সম্পদ যোজনাৰ অধীনত চুক্তিৰ ভিত্তিত প্রার্থী নিযুক্তি দিয়া হ’ব৷ এই সম্পর্কে প্রকাশিত বিজ্ঞাপন অনুসৰি ১১টা ডিষ্ট্রিক্ট প্রগ্রেম মেনেজাৰ আৰু মাল্টি টাস্কিং ষ্টাফৰ খালী পদত প্রার্থী নিযুক্তি দিয়া হ’ব৷ আগ্রহী আৰু উপযুক্ত প্রার্থীয়ে আবেদন জনাব পাৰিব৷ ডিষ্ট্রিক্ট প্রগ্রেম মেনেজাৰৰ খালী পদৰ সংখ্যা ১০টা৷ প্রার্থীসকলক মাহিলি ৪৫ হাজাৰ টকা দৰমহা দিয়া হ’ব৷ এই পদৰ বাবে প্রার্থীসকলে ফিছাৰী ছায়েঞ্চ, জুল’জীত স্নাতকোত্তৰ ডিগ্রীধাৰী, মেৰিন ছায়েঞ্চত স্নাতকোত্তৰ ডিগ্রীধাৰী, মেৰিন বায়’লজীত স্নাতকোত্তৰ, ফিছাৰী ইক’নমিক্সত স্নাতকোত্তৰ ডিগ্রীধাৰী হ’ব লাগিব৷ প্রার্থীসকলৰ আইটি অথবা কম্পিউটাৰ এপ্লিক্লেচনৰ নূ্যনতম ডিপ্ল’মা থকা বাঞ্ছনীয়৷ আবেদনকাৰীৰ মীন বিভাগৰ যিকোনো কামত ৩ বছৰৰ অভিজ্ঞতা থকা প্রয়োজন৷ প্রার্থীৰ বয়স ৩৫ বছৰৰ অধিক হ’ব নালাগিব৷ মাল্টি টাস্কিং ষ্টাফৰ খালী পদ ১টা৷ প্রার্থীক ১৫ হাজাৰ টকা প্রতিমাহে দৰমহা দিয়া হ’ব৷ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱা প্রয়োজন৷ প্রার্থীৰ বয়স ৩৫ বছৰৰ অধিক হ’ব নালাগিব৷ আবেদনৰ অন্তিম তাৰিখ ৩০ নৱেম্বৰ৷ ইচ্ছুক প্রার্থীসকলে বিভাগীয় ৱেবছাইটত আবেদন জনাব পাৰিব৷

You might also like