নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম ৰাজ্যিক পাঠ্যপুথি প্রণয়ন আৰু প্রকাশন নিগম লিমিটেডত ১১ পদ খালী

অসম চৰকাৰৰ প্রাথমিক শিক্ষা বিভাগৰ অধীনস্থ অসম ৰাজ্যিক পাঠ্যপুথি প্রণয়ন আৰু প্রকাশন নিগম লিমিটেড(The Assam State Textbook Production & Publication Corporation Limited)ত খালী হৈছে ১১ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয়Managing Director-এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, স্থায়ী পদসমূহৰ ভিতৰত আছে Deputy Academic Officer-Arts (1), Deputy Academic Officer-Science (1), Deputy Academic Officer-Bodo (1), Accountant (1), Account Assistant (1), Area Manager Commercial (1), Lower Division Assistant (2)৷ উল্লিখিত পদ অনুযায়ী দৰমহাৰ নিৰিখ ক্রমে ২২,০০০–৮৭,০০০ টকাসহ ৯,১০০ টকাৰ গ্রেড পে’, ২২,০০০–৮৭,০০০ টকাসহ ৯,১০০ টকাৰ গ্রেড পে’, ২২,০০০–৮৭,০০০ টকাসহ ৯,১০০ টকাৰ গ্রেড পে’, ২২,০০০–৮৭,০০০ টকাসহ ৯,১০০ টকাৰ গ্রেড পে’,  ১৪,০০০–৪৯,০০০ টকাসহ ৮,০০০ টকাৰ গ্রেড পে’, ১৪,০০০–৪৯,০০০ টকাসহ ৮,০০০ টকাৰ গ্রেড পে’ আৰু ১৪,০০০–৪৯,০০০ টকাসহ ৬,২০০ টকাৰ গ্রেড পে’৷

আনহাতে, ঠিকাভিত্তিক চুক্তিত পূৰণ হ’বলগীয়া পদসমূহৰ ভিতৰত আছে Area Manager Commercial (1), Computer Assistant (1), Grade IV (1)৷ উল্লিখিত পদ অনুযায়ী দৰমহাৰ নিৰিখ ক্রমে ২২,০০০ টকা, ২০,০০০ টকা আৰু ১২,০০০ টকা৷ আগ্রহীসকলে বিজ্ঞাপন সম্পর্কীয় সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটhttps://textbookcorporation.assam.gov.in লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১৫ মার্চ, ২০২১৷ যোগাযোগৰ ঠিকনা–The Assam State Textbook Production & Publication Corporation Limited, Panbazar, Guwahati-01 (Assam)৷

You might also like