নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী উচ্চ ন্যায়ালয়ত ৪ পদ; শীঘ্ৰে কৰক আবেদন

অসম, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্রদেশৰ বিভিন্নCivil আৰুCriminal Case সমাধানৰ ক্ষেত্রত অগ্রণী ভূমিকা পালন কৰা গুৱাহাটী উচচ ন্যায়ালয়(The Gauhati High Court)ত খালী হৈছেChauffeur (Driver)ৰ ৪ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিGauhati High Court, GuwahatiৰRecruitment CellৰRegistrar (Admin.)-cum-In-Charge–এ এক নিয়োগ বিজ্ঞাপন সংবাদ–পত্রত প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Chauffeur (Driver) পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তCentral/State Boardৰ পৰা দশম শ্রেণী উত্তীণ হোৱাৰ লগতেDriving Licence থকা হ’ব লাগিব৷ বয়স ৭ ডিচেম্বৰ, ২০২২লৈ সর্বোচ্চ ৪০ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ নিযুক্তিপ্রাপ্তই মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৫,২০০ টকা লাভ কৰিব৷ আবেদন মাচুল হিচাপে এছচি আৰু এছটি শ্রেণীৰ প্রার্থীয়ে ১৫০ টকা পৰিশোধ কৰাৰ বিপৰীতে অন্যান্য শ্রেণীৰ প্রার্থীয়ে ৩০০ টকা অনলাইন মাধ্যমেৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হকে পৰিশোধ কৰিব লাগিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ Gauhati High Courtৰ ৱেবছাইট www.ghconline.gov.in লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৭ ডিচেম্বৰ, ২০২২৷

You might also like