নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত ড্ৰাগছ উদ্ধাৰ , এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৩নৱেম্বৰ: ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে অসম আৰক্ষী । ৰঙিয়াত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । ৰঙিয়াত পুনৰ প্ৰায় ডেৰ কোটিতকৈও অধিক টকা মূল্যৰ হেৰ’ইন জব্দ । ৰঙিয়াৰ পূৱ সাহানত ৰঙিয়া থানাৰ অ’চি ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত কামৰূপ আৰক্ষীৰ দল এটাই অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ এই হেৰ’ইনখিনি । ৰিয়াজুদ্দিন আহমেদ ওৰফে ৰাজু নামৰ যুৱক জনক হাতে-লোটে আটক কৰে ৰঙিয়া আৰক্ষীয়ে । পাঁচটা চাবোনৰ বাকচত ভৰাই আনিছিল প্ৰায় ১.৫০ কোটি টকা মূল্যৰ এই ড্ৰাগছখিনি । নিজ বাসগৃহত লুকুৱাই ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকাৰ খবৰ লাভ কৰি ৰঙিয়া আৰক্ষীয়ে এক অভিযান চলাই ড্ৰাগছখিনি জব্দ কৰাৰ লগতে সৰবৰাহকাৰী জনকো গ্ৰেপ্তাৰ কৰে ।

ফাৰুক হুছেইন , ৰঙিয়া

You might also like