নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউত খালী পদ : আবেদনৰ অন্তিম তাৰিখ ১০ জুলাই

কলকাতাৰ ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট (আইএছআই)ত ট্রেইনী কর্মচাৰীৰ প্রয়োজন৷ পদসমূহ পূৰণৰ বাবে প্রতিষ্ঠানৰ ফালৰ পৰা ইতিমধ্যে বিজ্ঞাপন প্রকাশ কৰা হৈছে৷ পদসমূহত অস্থায়ীভাৱে নিযুক্তি প্রদান কৰা হ’ব৷ অনলাইনৰ জৰিয়তে ইতিমধ্যে আৰম্ভ হৈছে আবেদন প্রক্রিয়া৷ প্রতিষ্ঠানৰ ছেম্পলিং এণ্ড অফিচিয়েল ষ্টেটিষ্টিকছ ইউনিট আৰু এপ্লাইড ষ্টেটিষ্টিকছ ইউনিটৰ তৰফৰ পৰা এই নিয়োগ কৰা হ’ব৷ দুটা ইউনিটৰ দ্বাৰা আয়োজিত এপ্লাইড ষ্টেটিষ্টিকছ এণ্ড ইক’নমেষ্ট্রিক্সৰ ‘অন দ্য জব ট্রেইনিং প্র’ব্লেম’ৰ বাবে নিয়োগ কৰা হ’ব ষ্টেটিষ্টিকেল ট্রেইনী৷ মুঠ খালী পদৰ সংখ্যা ৬টা৷ আগ্রহী আৰু অর্হতাসম্পন্ন প্রার্থীসকলৰ বয়স ৩০ বছৰৰ ভিতৰত হ’লেহে আবেদন জনাব পাৰিব৷ নিযুক্তিপ্রাপ্তসকলক্ মাহিলি ২৫ হাজাৰ টকা দৰমহা দিয়া হ’ব৷ প্রাথমিকভাৱে প্রার্থীসকলক অহা বছৰৰ ৩১ মার্চ পর্যন্ত নিযুক্তি দিয়া হ’লেও কামৰ ভিত্তিত আৰু প্রজেক্ট ফাণ্ডৰ ওপৰত নির্ভৰ কৰি এই ম্যাদ বৃদ্ধি কৰা হ’ব পাৰে৷ আবেদনকাৰী প্রার্থীসকলৰ ষ্টেটিষ্টিকছ/ইক’নমেষ্ট্রিক্সত স্নাতকোত্তৰ ডিগ্রীৰ লগতে কম্পিউটাৰ, প্রগ্রেমিং আৰু ষ্টেটিষ্টিকেল পেকেজৰ পেছাদাৰী অভিজ্ঞতা থকা জৰুৰী৷ ২০২৩ চনত যিসকলে স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছে, তেওঁলোকেও আবেদন জনাব পাৰিব৷ অহা ২০ জুলাইত অনলাইন পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে প্রার্থীসকলক নিযুক্তি দিয়া হ’ব৷ তাৰ পূর্বে বিজ্ঞাপনত দিয়া মেইল আইডিত জীৱনপঞ্জী, ক’ভাৰ লেটাৰসহ অন্যান্য প্রয়োজনীয় নথি–পত্রৰে আবেদন জনাব লাগিব৷ আবেদনৰ অন্তিম দিন অহা ১০ জুলাই৷ এই বিষয়ে প্রার্থীসকলে অধিক বিস্তাৰিতভাৱে জানিবলৈ হ’লে প্রতিষ্ঠানৰ ৱেবছাইট চাব লাগিব৷

You might also like