নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইমছ যোধপুৰত খালী পদৰ বিজ্ঞাপন

এইমছ যোধপুৰত বহুসংখ্যক গ্রুপ ‘চি’ কর্মচাৰী নিয়োগ কৰা হ’ব৷ মাধ্যমিক উত্তীর্ণৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰ প্রার্থীসকলক দিয়া হ’ব চাকৰিৰ সুবিধা৷ লেবৰেটৰী টেকনিচিয়ানৰ খালী পদ ১টা৷ ইয়াৰ বাবে প্রার্থীসকল বিজ্ঞানৰ দ্বাদশ শ্রেণী উত্তীর্ণ হ’ব লাগিব৷ তদুপৰি, তেওঁলোকৰ মেডিকেল লেব টেকন’লজী বিষয়ত ডিপ্ল’মা অথবা এই বিষয়ত স্নাতক উত্তীর্ণ প্রার্থীক নিয়োগ কৰা হ’ব৷ জুনিয়ৰ মেডিকেল ৰেকর্ড অফিচাৰ (ৰিচিপছনিষ্ট) হিচাপে পাঁচটা খালী পদত নিযুক্তি দিয়া হ’ব৷ ইয়াৰে এটা পদ অ’বিচিৰ বাবে আৰু অন্য চাৰিটা পদ অসংৰক্ষিত৷ এই পদসমূহৰ বাবে বিজ্ঞান বিভাগত স্নাতক উত্তীর্ণ অথবা মাছকমিউনিকেচন, হাস্পতাল এডমিনিষ্ট্র্রেচন, হস্পিটেলিটী মেনেজমেণ্ট বিষয়ত স্নাতক উত্তীর্ণ প্রার্থীয়ে আবেদন কৰিব পাৰিব৷ মেডিকেল ৰেকর্ড ৰখা, প্রতি মিনিটত ইংৰাজী আৰু ৩৫টা হিন্দী শব্দ টাইপিঙৰ দক্ষতা থাকিব লাগিব৷ ফার্মাচিষ্টৰ খালী পদৰ সংখ্যা ২৭টা৷ ইয়াৰে ৭টা পদ অ’বিচি, ৪টা অনুসূচিত জাতিৰ, ১টা অনুসূচিত জনজাতিৰ, ২টা অর্থনৈতিকভাৱে অনগ্রসৰ আৰু ১৩টা পদ অসংৰক্ষিত৷ এই পদৰ বাবে ফার্মাচী ডিপ্ল’মা সম্পূর্ণ কৰা প্রার্থীয়ে আবেদন কৰিব পাৰিব৷ ছেনিটাৰী ইন্সপেক্টৰ পদত স্বীকৃতিপ্রাপ্ত শিক্ষা প্রতিষ্ঠানৰ পৰা হেলথ ছেনিটাৰী ইন্সপেক্টৰ পাঠ্যক্রম সম্পূর্ণ কৰা প্রার্থীৰ প্রয়োজন৷ তদুপৰি, প্রার্থীসকল দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাটো বাঞ্ছনীয়৷ ইয়াৰে ৪টা অ’বিচি, ২টা অনুসূচিত জাতি, ১টা অনুসূচিত জনজাতি, ১টা অর্থনৈতিকভাৱে অনগ্রসৰ আৰু ১০টা পদ অসংৰক্ষিত৷ মেডিকেল ৰেকর্ড টেকনিচিয়ান পদৰ বাবে বিজ্ঞান বিভাগত দ্বাদশ উত্তীর্ণ প্রার্থীৰ প্রয়োজন৷ প্রার্থীসকলৰ চিকিৎসালয়ত দুবছৰৰ মেডিকেল ৰেকর্ড কিপিঙৰ অভিজ্ঞতা থকা বাঞ্ছনীয়৷ খালী পদ অ’বিচি ৯টা, অনুসূচিত জাতি ৫টা, অনুসূচিত জনজাতি ২টা, অর্থনৈতিকভাৱে অনগ্রসৰ শ্রেণী ২টা আৰু ২০টা পদ অসংৰক্ষিত৷ লেব এটেণ্ডেণ্ট পদত মেডিকেল লেব টেকন’লজী বিষয়ত ডিপ্ল’মা থকা প্রার্থী নিয়োগ কৰা হ’ব৷ প্রার্থীসকলৰ সংশ্লিষ্ট বিষয়ত দুবছৰৰ অভিজ্ঞতা থকা প্রয়োজন৷ খালী পদ অ’বিচি ১০টা, অনুসূচিত জাতি ৬টা, অনুসূচিত জনজাতি ৩টা, অর্থনৈতিকভাৱে অনগ্রসৰ শ্রেণীৰ ৩টা আৰু অন্য ১৯টা পদ৷ জুনিয়ৰ ৱার্ডেন পদত স্নাতক উত্তীর্ণ প্রার্থী নিয়োগ কৰা হ’ব৷ খালী পদৰ ২টা অ’বিচি, ১টা অনুসূচিত জাতি, ২টা অনগ্রসৰ শ্রেণীৰ আৰু অন্য ৬টা পদ অসংৰক্ষিত৷ মেকানিকেল পদৰ বাবে আইটিআই অথবা ডিপ্ল’মাপ্রাপ্ত প্রার্থীৰ প্রয়োজন৷ ইয়াৰ লগতে মেকানিক হিচাপে দুবছৰৰ পেছাদাৰী অভিজ্ঞতা থকাৰ প্রয়োজন৷ খালী পদৰ ১টা অ’বিচি আৰু ৫টা পদ অসংৰক্ষিত৷ হাস্পতাল এটেণ্ডেণ্ট (নার্ছিং/ষ্ট্রেচাৰ বেয়াৰার্ছ) পদত মাধ্যমিক উত্তীর্ণ আৰু হাস্পতাল ছার্ভিচৰ চার্টিফিকেচন পাঠ্যক্রম সম্পূর্ণ কৰা প্রার্থীৰ প্রয়োজন৷ কোনো স্বীকৃতিপ্রাপ্ত প্রতিষ্ঠানৰ পৰা এই পাঠ্যক্রম সম্পূর্ণ কৰা প্রার্থীক অগ্রাধিকাৰ দিয়া হ’ব৷ ইয়াৰ লগতে হাস্পতালত কাম কৰাৰ অভিজ্ঞতা থকা প্রয়োজন৷ খালী পদসমূহৰ ২৮টা অ’বিচি, ১৫টা অনুসূচিত জাতি, ৭টা অনুসূচিত জনজাতি, ১০টা অর্থনৈতিকভাৱে অনগ্রসৰ শ্রেণীৰ বাবে সংৰক্ষিত হোৱাৰ লগতে ৪৩টা পদ অসংৰক্ষিত৷ ইয়াৰ উপৰি ষ্ট’ৰ এটেণ্ডেণ্ট, মানী ফল্ড ৰুম এটেণ্ডেণ্ট, এছিছটেণ্ট লণ্ড্রী ছুপাৰভাইজৰ, ক’ডিং ক্লার্ক, ছিকিউৰিটী কাম ফায়াৰ জামাদাৰ, ডার্ক ৰুম এছিছটেণ্ট, ডিচেকছন হল এটেণ্ডেণ্ট, ফার্মা কেমিষ্ট/কেমিকেল এক্সামিনাৰ পদত দক্ষ আৰু অভিজ্ঞ কর্মীৰ প্রয়োজন৷ প্রার্থীসকলৰ পদৰ নিৰিখ অনুসৰি মাধ্যমিক উত্তীর্ণৰ পৰা স্নাতক অথবা ডিপ্ল’মা থকা প্রয়োজন৷ পৰীক্ষাৰ জৰিয়তে নিয়োগ কৰা হ’ব প্রার্থী৷ কম্পিউটাৰ ব্যৱহাৰ কৰিবলৈ জনা আৰু দ্রুত টাইপিংসহ পদৰ নিৰিখ অনুসৰি অন্যান্য বিষয় বিবেচনা কৰা হ’ব৷ সংশ্লিষ্ট আবেদন জনাব লাগিব অনলাইনযোগে৷ ৱেবছাইটৰ জৰিয়তে পৰীক্ষাৰ দিন জনাই দিয়া হ’ব৷ অতি সোনকালে প’র্টেল আৰম্ভ কৰা হ’ব বুলি এইমছ যোধপুৰৰ নিয়োগ বিজ্ঞপ্তিত প্রকাশ পাইছে৷ সবিশেষ জানিবলৈ সংস্থাৰ নিয়োগ সংক্রান্তীয় ৱেবছাইট চাব পাৰে৷

You might also like