নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঠখেলীয়া নামঘৰত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ মন্তব্যঃ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পালে হ’ব আকৌ লকডাউন

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰ : ”যদি সংক্ৰমণ বেছি হৈ গৈ থাকে। আৰু যদি ক’ভিডক ৰোধ কৰিবলৈ আমি সক্ষম নহও। তেতিয়াতো আকৌ লকডাউন দিব লাগিব।- এইদৰে পুনৰ লকডাউন হোৱাৰ এক সম্ভাৱনাপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী পীয়ূষ  হাজৰিকাই।

উল্লেখ্য যে আজি পুৱাতে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত উপস্থিত হয় মন্ত্ৰীগৰাকী। নামঘৰত বন্তি জলাই সেৱা গ্ৰহণ কৰাৰ পিছতে সংবাদ মাধ্যম আগত মন্ত্ৰীগৰাকীয়ে আৰু কয় যে মই ব্যক্তিগত ভাৱে লকডাউন নিবিচাৰোঁ। লকডাউনে বহুত ক্ষতি কৰে। অৰ্থনীতি নষ্ট কৰে। মই লকডাউনৰ পক্ষপাতী নহয়। কিন্তু এই বেমাৰটোৱেই এনেকুৱা যে য’ত বেছিকৈ সংক্ৰমিত হয় তাত লকডাউনেই হয় শেষ উপায়। সেয়ে সকলোকে ক’ভিডৰ নীতি নিয়ম মানি চলিবলৈ অনুৰোধ জনাই মন্ত্ৰীগৰাকীয়ে।

আনহাতে আগন্তুক উপ নিৰ্বাচনৰ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে আমি ৰাজ্যৰ গোটেই পাঁচটা সমষ্টিতে জয় লাভ কৰাতো নিশ্চিত। ৰাইজৰ দলে ইয়াত একো প্ৰভাৱ পেলাব নোৱাৰে। ক’ৰবাত ক’ৰবাত কংগ্ৰেছৰ ভোট চিফ্ট হৈছে। অলপ ৰাইজৰ দললৈ গৈছে। আমাৰ বিজেপিৰ ভোট আগত আগতকৈ যথেষ্ট বৃদ্ধি পাইছে। আমিও কংগ্ৰেছৰ ভোট পাম। আমালৈ কংগ্ৰেছৰ ভোট অহাৰ পিছত থকা অৱশিষ্ট খিনিহে ৰাইজৰ দলে পাব পাৰে বুলি প্ৰকাশ কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই। মন্ত্ৰীগৰাকীৰ লগত সংগ দিয়ে সাংসদ তপন গগৈ, বিধায়ক বিশ্বজিৎ ফুকন আদিয়ে।

Input: অজয় শইকীয়া, নগাবাট

You might also like