নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আয়কৰ বিভাগত ১৯ পদৰ বিজ্ঞাপন

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদ (Karbi Anglong Autonomous Council)ৰ আয়কৰ বিভাগত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি KAAC, Diphuৰ Secretary, Taxation–এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে Assistant Commissioner of Taxes, KAAC, in the Department of Taxation, KAAC (1), Inspector of Taxes (Grade-II) in the Department of Taxation, KAAC (4), Asstt. Inspector of Taxes – Bazar Supervisor (Grade-III) in Taxation Department, KAAC (2), Enforcement Constable (Grade-IV) in the Department of Taxation, KAAC (12)৷

Assistant Commissioner of Taxes পদৰ প্রার্থী স্নাতকোত্তৰ হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ২২,০০০–৮৭,০০০ টকাসহ ৯,৭০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ Inspector of Taxes (Grade-II) পদৰ প্রার্থী স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ২২,০০০–৮৭,০০০ টকাসহ ৯,১০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ Asstt. Inspector of Taxes পদৰ প্রার্থী যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৪৯,০০০ টকাসহ ৬,২০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷

শেষত Enforcement Constabale পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৪৯,০০০ টকাসহ ৫,০০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ আবেদনকাৰীৰ বয়স ১ জানুৱাৰী, ২০২১লৈ ১৮–৩৮ বছৰ৷ বয়সৰ এই সীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ প্রার্থী কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্থায়ী বাসিন্দা হ’ব লাগিব৷

আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ প্রস্তুত কৰা আবেদন To, The Secretary, Taxation Department, Karbi Anglong Autonomous Council, Diphu (Assam) ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৪ অক্টোবৰ, ২০২১৷

You might also like