মুস্তাফাবাদৰ নতুন নামকৰণ কবীৰ ধাম, মুখ্যমন্ত্ৰী আদিত্যনাথ-ৰ ঘোষণা
উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ-এ ঘোষণা কৰে যে লখিমপুৰ খেৰী জিলাৰ মুস্তাফাবাদৰ নাম এতিয়া ‘কবীৰ ধাম’ হিচাপে নামকৰণ কৰা হ’ব।
এই পদক্ষেপৰ জৰিয়তে ৰাজ্য চৰকাৰে দেশৰ গৌৰৱ আৰু সাংস্কৃতিক পৰিচয় পুনৰুদ্ধাৰৰ লক্ষ্য আগবঢ়াই লৈ গৈছে বুলি তেওঁ কয়।
এটা অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় — “ফৈজাবাদ এতিয়া অযোধ্যা, এলাহাবাদ হৈছে প্ৰয়াগৰাজ, আৰু মুস্তাফাবাদক কবীৰ ধাম বনোৱা হ’ব। এই সকলো পদক্ষেপেই গৌৰৱ পুনৰুদ্ধাৰৰ কাৰ্যসূচীৰ অংশ।”
যিহেতু মুস্তাফাবাদত কোনো মুছলমান নাই, তেতিয়া মুস্তাফাবাদ নাম কিয়? নামটো বদলাই কবীৰ ধাম কৰা হওক। শীঘ্ৰে এই নাম পৰিবৰ্তনৰ প্ৰস্তাৱ আগবঢ়োৱা হ’ব- ঘোষণা মুখ্যমন্ত্ৰী আদিত্যনাথৰ।
নিয়মীয়া বাৰ্তা ডেস্ক, ২৮ ছেপ্টেম্বৰ