নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় জলশক্তি মন্ত্রালয়ৰ অধীনত খালী পদ

✅আবেদনৰ অন্তিম তাৰিখ ৩১ আগষ্ট
কেন্দ্রীয় জলশক্তি মন্ত্রালয়ৰ অধীনস্থ সংস্থাৰ ড০ শ্যামাপ্রসাদ মুখার্জী নেচনেল ইনষ্টিটিউট অৱ ৱাটাৰ এণ্ড ছেনিটেচনত বিভিন্ন পদত প্রার্থী নিয়োগ কৰা হ’ব৷ সেই অনুসৰি সম্প্রতি জলশক্তি মন্ত্রালয়ৰ ৱেবছাইটত বিজ্ঞাপন প্রকাশ কৰা হৈছে৷ জোকাত থকা এই সংস্থাটোত প্রার্থীসকলক ডেপুটেচনৰ ভিত্তিত নিয়োগ কৰা হ’ব৷ অফলাইনত ইতিমধ্যে আৰম্ভ হৈছে আবেদন প্রক্রিয়া৷ সংস্থাটোত নিযুক্তি দিয়া হ’ব ছাইনটিষ্ট (এফ), ছাইনটিষ্ট (ই), ছাইনটিষ্ট (ডি), ফাইনেঞ্চ এণ্ড একাউঞ্চ অফিচাৰ, এডমিনিষ্ট্রেটিভ টিচাৰ, ছাইনটিষ্ট (চি), টেকনিকেল অফিচাৰ, কেমিষ্ট আৰু এছিছটেণ্ট পদত৷ মুঠ খালী পদ ১৭টা৷ প্রতিটো পদতে আবেদনৰ বাবে প্রার্থীসকলৰ বয়স হ’ব লাগিব ৫৬ বছৰৰ ভিতৰত৷ সপ্তম দৰমহা আয়োগৰ স্কেল অনুসৰি বিভিন্ন পদত মাহিলি বেতনক্রম নির্ধাৰিত হ’ব৷ ইয়াৰ ভিতৰত ছাইনটিষ্ট (এফ) পদত মাহিলি বেতন হ’ব সর্বোচ্চ, যাৰ পৰিমাণ ১,৩১,১০০–২,১৬,৬০০ টকা৷ ডেপুটেচনৰ ভিত্তিত ৪ বছৰৰ অথবা অৱসৰগ্রহণৰ বয়স পর্যন্ত এই পদত প্রার্থী নিয়োগ কৰা হ’ব৷ প্রতিটো পদতে আবেদন জনাব পাৰিব কেন্দ্রীয় সংস্থা, ৰাজ্য চৰকাৰৰ সংস্থা, কেন্দ্রীয়শাসিত সংস্থা, স্বায়ত্তশাসিত সংস্থা, ৰাষ্ট্রীয় সংস্থা, বিশ্ববিদ্যালয়, নামী গৱেষণা সংস্থাত সমপর্যায়ৰ পদত আৰু বেতনক্রমত কর্মৰত প্রার্থীসকলে৷ ইয়াৰ উপৰি আছে অন্যান্য যোগ্যতাৰ মাপকাঠী৷ আগ্রহী প্রার্থীসকলে বিজ্ঞাপন অনুসৰি, সেই ফর্মেটত আবেদন–পত্রসহ অন্য নথি–পত্র বিজ্ঞাপনত উল্লেখ কৰা ঠিকনাত পঠিয়াই আবেদন কৰিব পাৰিব৷ আবেদনৰ শেষ তাৰিখ ৩১ আগষ্ট৷

You might also like