নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফার্ম হাউছৰ নামত বেশ্যালয়ঃ তুৰাত বেশ্যালয়ৰ বেহাত মেঘালয় বিজেপিৰ উপ-সভাপতি

নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ ফার্ম হাউছৰ নামত বেশ্যালয় পাতি মেঘালয় বিজেপিৰ উপ–সভাপতি বার্নার্ড এন মাৰাকে তুৰাত চলাই থকা অবৈধ বেহা উৎখাত কৰিছে পশ্চিম গাৰোপাহাৰ জিলা আৰক্ষীয়ে৷ নির্দিষ্ট তথ্য তথা স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত শনিবাৰে আৰক্ষীয়ে এই অভিযানকালত গ্রেপ্তাৰ কৰে মুঠ ৭৩জন লোকক৷ পশ্চিম গাৰোপাহাৰ জিলাৰ আৰক্ষী অধীক্ষক বিবেকানন্দ সিঙে এই সন্দর্ভত জানিবলৈ দিয়া মতে ধৃতসকলৰ ৬৮জন যুৱক–যুৱতী৷ তেওঁলোকে আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত বেশ্যালয়লৈ পর্যবসিত হোৱা বিজেপি নেতা বার্নার্ড এন মাৰাক মালিকানাধীন ফার্ম হাউছ ‘ৰিম্পু বাগান’ত বিবস্ত্র হৈ সুৰাসক্ত অৱস্থাত আছিল৷ অনৈতিক কার্যকলাপত লিপ্ত থকা এই যুৱক–যুৱতীসকলৰ উপৰি ফার্ম হাউছখনৰ মেনেজাৰ–কেয়াৰ টেকাৰসহ তিনিজন কর্মচাৰীকো আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷

তদুপৰি অভিযানকালত মুঠ ৩৫খন চাৰিচকীয়া আৰু দুচকীয়া বাহন আৰু বৃহৎ পৰিমাণৰ সুৰাৰ লগতে ‘ৰিম্পু বাগান’ৰ পৰা বহুতো আপত্তিজনক সা–সামগ্রী জব্দ কৰিছে আৰক্ষীয়ে৷ পশ্চিম গাৰোপাহাৰ জিলাৰ আৰক্ষী অধীক্ষকজনে সদৰী কৰা অনুসৰি ফার্ম হাউছটোত থকা ৩০টা সৰু সৰু কোঠাত ধৃত ৬৮ যুৱক–যুৱতীক বিবস্ত্র আৰু সুৰাসক্ত অৱস্থাত পোৱা গৈছিল৷ এই অভিযানত ৪০০ বটল সুৰা আৰু ৫০০তকৈ অধিক অব্যৱহূত কণ্ডম উদ্ধাৰ কৰা হৈছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে আৰক্ষীয়ে ‘ৰিম্পু বাগান’ৰ পৰা উদ্ধাৰ কৰিছে ছয় কিশোৰ–কিশোৰীক৷ ইয়াৰে চাৰিটা ল’ৰা হোৱাৰ বিপৰীতে দুগৰাকী ছোৱালী৷ এই ছয় কিশোৰ–কিশোৰীক ফার্ম হাউছটোৰ এটা অতি লেটেৰা কোঠাত অস্বাস্থ্যকৰ পৰিৱেশত তলা বন্ধ কৰি ৰখা হৈছিল৷ তেওঁলোকক বেশ্যা বৃত্তিত নিয়োজিত কৰাৰ উদ্দেশ্যৰে এইদৰে বন্দী কৰি ৰখা হৈছিল বুলি দাবী কৰিছে পশ্চিম গাৰোপাহাৰ জিলাৰ আৰক্ষী অধীক্ষক সিঙে৷

ইতিমধ্যে উদ্ধাৰ কৰা ছয় কিশোৰ–কিশোৰীক আইন অনুসৰি পৰৱর্তী ব্যৱস্থা গ্রহণৰ বাবে জিলা শিশু সুৰক্ষা বিষয়াক হস্তান্তৰ কৰা হৈছে৷ মন কৰিবলগীয়া যে এগৰাকী কিশোৰীক যৌন নির্যাতন চলোৱাৰ গোচৰৰ অনুসন্ধান কৰিবলৈ গৈ ফার্ম হাউছটোত চলা অবৈধ ব্যৱসায়ৰ তথ্য পোহৰলৈ আনিবলৈ সক্ষম হয় পশ্চিম গাৰোপাহাৰ জিলা আৰক্ষীয়ে৷ এই সম্পর্কত পশ্চিম গাৰোপাহাৰ জিলাৰ আৰক্ষী অধীক্ষকজনে সংবাদ প্রতিষ্ঠানৰ আগত সদৰী কৰা অনুসৰি যোৱা ফেব্রুৱাৰী মাহত কিশোৰীগৰাকীক যৌন নির্যাতন চলোৱাৰ অভিযোগত আমি এখন এজাহাৰ লাভ কৰিছিলোঁ৷ এজাহাৰত কিশোৰীগৰাকীক এসপ্তাহ ধৰি বহুবাৰ যৌন নির্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল৷ এই এজাহাৰৰ ভিত্তিত প’কছো আইনৰ উপৰি ভাৰতীয় দণ্ডবিধিৰ ৩৬৬ (এ) আৰু ৩৭৬ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হয়৷ এজন ব্যক্তিয়ে ‘ৰিম্পু বাগান’ৰ এটা কোঠা ভাৰালৈ লৈ তাতেই একাধিকবাৰ যৌন নির্যাতন চলোৱাৰ কথা ভুক্তভোগী কিশোৰীগৰাকীয়ে প্রকাশ কৰিছে৷

তদুপৰি ফার্ম হাউছটোত অনৈতিক কার্যকলাপ চলাৰ অভিযোগ দাখিল কৰি আহিছে তুৰাৰ স্থানীয় বাসিন্দায়ো৷ তাৰ ভিত্তিতে কালি ‘ৰিম্পু বাগান’ত অভিযান চলোৱা হৈছিল বুলি তেওঁ সদৰী কৰে৷ ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰা আৰু অবৈধ সৰবৰাহ (সুৰক্ষা) আইন–১৯৫৬ অধীনত এটা গোচৰ ৰুজু কৰাৰ কথা উল্লেখ কৰি তেওঁ কয়– আমি ইতিমধ্যে বার্নার্ড এন মাৰাকক আৰক্ষীৰ তদন্তত সহযোগিতা কৰাৰ লগতে শীঘ্রে শ্বিলং সদৰ আৰক্ষী থানাত আত্মসমর্পণৰ বাবে আহ্বান জনাইছোঁ৷ কিন্তু তেওঁ গ্রেপ্তাৰৰ পৰা হাত সাৰিব বিচাৰিছে৷ ইফালে পশ্চিম গাৰোপাহাৰ জিলা আৰক্ষীৰ দাবী নস্যাৎ কৰিছে ‘ৰিম্পু বাগান’ৰ স্বত্বাধিকাৰ বার্নার্ড এন মাৰাকে৷ গাৰো জনজাতি স্বায়ত্তশাসিত জিলা পৰিষদৰ সদস্য বার্নার্ড এন মাৰাকে সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতিত কয় যে আৰক্ষীয়ে গ্রেপ্তাৰ কৰা কোনো এজনে অনৈতিক কার্যকলাপত জড়িত নহয়৷ আৰক্ষীয়ে বলপূর্বক ‘ৰিম্পু বাগান’ত প্রৱেশ কৰি আতিশয্য চলাইছে৷ যিসকল কিশোৰ–কিশোৰীক উদ্ধাৰ কৰা বুলি কোৱা হৈছে, তেওঁলোকক আমি পঢ়া–শুনাৰ ব্যৱস্থা কৰিছিলোঁ৷ এই প্রসংগতে মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাকো তেওঁ আক্রমণৰ লক্ষ্য কৰি লয়৷ বার্নার্ড এন মাৰাকৰ মতে কোনো ধৰণৰ পৰোৱানা অবিহনে মুখ্যমন্ত্রীৰ নির্দেশতেই ‘ৰিম্পু বাগান’ত অভিযান চলিছিল৷ ৰাজনৈতিক উদ্দেশ্যেপ্রণোদিতভাৱ গ্রেপ্তাৰ কৰাৰ লক্ষ্যৰেই মুখ্যমন্ত্রী কনৰাড চাংমাই এনেধৰণৰ পদক্ষেপ গ্রহণ কৰা বুলি তেওঁ অভিযোগ তোলে৷

You might also like