নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লণ্ডন পালেগৈ ভোট জলকীয়াঃ প্রথমবাৰৰ বাবে গুৱাহাটীৰ পৰা বিদেশলৈ ৰপ্তানি

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ অসমত উৎপাদিত সামগ্রীয়ে বিদেশত শেহতীয়াকৈ যথেষ্ট সমাদৰ লাভ কৰাৰ পাছত এইবাৰ লণ্ডনলৈ ৰপ্তানি হৈছে নাগালেণ্ডৰ ভোটজলকীয়া৷ উত্তৰ–পূবৰ একাধিক কৃষিজাত সামগ্রী শেহতীয়াকৈ বিশ্বৰ বিভিন্ন দেশত জনপ্রিয় হৈ পৰিছে৷ বিশেষকৈ অসমৰ পৰা ৰপ্তানি হোৱা নেমু, বাওধানৰ চাউল আৰু লেতেকু ৰপ্তানি হৈছে লণ্ডন আৰু ডুবাইলৈ৷

একেদৰে ত্রিপুৰাৰ পৰা লণ্ডন আৰু জার্মানীলৈ ৰপ্তানি হৈছে কঁঠাল৷ এগ্রিকালচাৰ এণ্ড প্রচেছ ফুড প্রডাক্টছ এক্সপ’ট ডেভেলপমেণ্ট অথৰিটীৰ জৰিয়তে বিদেশত উভৈনদী হৈ পৰা উত্তৰ–পূবৰ কৃষিজাত সামগ্রীয়ে সমাদৰ লাভ কৰাই নহয়, ইয়াৰ চাহিদাও ব্যাপক হাৰত বৃদ্ধি পাইছে৷ এনে চাহিদাৰ মাজতে এইবাৰ প্রথমবাৰৰ বাবে লণ্ডনলৈ নিয়া হৈছে নাগালেণ্ডৰ ভোটজলকীয়া৷

গুৱাহাটী হৈ লণ্ডনলৈ যোৱা এই ভোটজলকীয়া ৰপ্তানিৰ ক্ষেত্রত বিশেষ ভূমিকা গ্রহণ কৰিছিল কেন্দ্রীয় মন্ত্রী হৰদ্বীপ সিং পুৰীয়ে৷ মেঘালয়ৰ শ্বিলঙৰ স্থানীয় বজাৰত বিভিন্ন সামগ্রী ক্রয় কৰি থকা অৱস্থাতেই ভোটজলকীয়াৰ ওপৰত চকু পৰা কেন্দ্রীয় মন্ত্রীগৰাকীয়ে পৰৱর্তী সময়ত এগ্রিকালচাৰ এণ্ড প্রচেছ ফুড প্রডাক্টছ এক্সপ’ট ডেভেলপমেণ্ট অথৰিটীৰ জৰিয়তে ভোট জলকীয়া বিদেশলৈ প্রেৰণৰ ব্যৱস্থা গ্রহণ কৰে৷

ইফালে, প্রথমবাৰৰ বাবে ভোটজলকীয়া লণ্ডনলৈ প্রেৰণ কৰাৰ খবৰে আনন্দিত কৰি তুলিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীক৷ প্রধানমন্ত্রীগৰাকীয়ে টুইটযোগে উল্লেখ কৰে যে এয়া এক শুভ সংবাদ৷ আচলতে ভোটজলকীয়া খোৱাজনেহে জানে ই কিমান তীক্ষ্ণ৷

You might also like