নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰৰ হিংসাৰ পিছত অমিত শ্বাহৰ আবেদনৰ প্ৰতি সঁহাৰিঃ উগ্ৰপন্থী সদস্যৰ অস্ত্ৰ সমৰ্পন

নিয়মীয়া বাৰ্তা, ৬ মে: যোৱা মাহত মণিপুৰত আৰম্ভ হোৱা হিংসাত্মক পৰিস্থিতি যেন ক্ৰমান্বয়ে হ্ৰাস পাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এক আবেদনৰ অন্তত মণিপুৰৰ বিভিন্ন স্থানৰ পৰা ৰাইজে ১৪০টা অস্ত্ৰ-শস্ত্ৰ সমৰ্পন কৰিছে। উল্লেখ্য যে মণিপুৰ ভ্ৰমণৰ সময়ত শ্বাহে এই অস্ত্ৰসমূহ আত্মসমৰ্পণ কৰিবলৈ আবেদন জনাইছিল।

মণিপুৰ আৰক্ষীয়ে জনোৱা মতে, আত্মসমৰ্পণ কৰা ১৪০ টা অস্ত্ৰৰ ভিতৰত এছ এল আৰ ২৯, কাৰ্বাইন, এ কে, ইনছাছ ৰাইফল, ইনছাছ এল এম জি, .৩০৩ ৰাইফল, ৯ এম এম পিষ্টল, .৩২ পিষ্টল, এম ১৬ ৰাইফল, স্মোক গান আৰু টিয়াৰ গেছ, স্থানীয়ভাৱে নিৰ্মিত পিষ্টল, ষ্টন গান, মডিফাইড আদি ৰাইফল, জেভিপি আৰু জেভিপি গ্ৰেনেড লঞ্চাৰ অন্তৰ্ভুক্ত কৰা হৈছে।

You might also like