নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিজোৰাম সীমান্তত ভয়ংকৰ কাণ্ডঃ অসম আৰক্ষীলৈ গ্রেনেড নিক্ষেপ মিজো দুর্বৃত্তৰ

নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ বিবাদ নিষ্পত্তিৰ হকে অসম–মিজোৰাম উভয় চৰকাৰৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্রধান নতুন দিল্লীত মাৰাথন বৈঠকত মিলিত হোৱাৰ পিছদিনাই ভয়ংকৰ কাণ্ড সংঘটিত হ’ল কাছাৰ জিলা সংলগ্ন আন্তঃৰাজ্যিক সীমান্তত৷

বেদখলকাৰী মিজো দুর্বৃত্তই গ্রেনেড নিক্ষেপেৰে আক্রমণৰ লক্ষ্য কৰি ল’লে শীর্ষ বিষয়া নেতৃত্বাধীন অসম আৰক্ষীৰ দলক৷ অৱশ্যে সৌভাগ্যবশতঃ গ্রেনেড বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাই৷ কিন্তু আগ্রাসী মিজো দুর্বৃত্তৰ এনে কার্যই ধলাই বিধানসভা সমষ্টিৰ অন্তর্গত লাইলাপুৰৰ সীমান্তৱর্তী ধলাখাল অঞ্চলত তীব্র উত্তেজনা সৃষ্টি কৰাৰ লগতে স্থানীয় জনসাধাৰণক আতংকগ্রস্ত কৰি তুলিছে৷

ঘটনা সন্দর্ভত জানিব পৰা মতে, অসমৰ ভূমি বেদখল কৰা মিজো দুর্বৃত্তই ধলাখালৰ পৰা আপাৰ পৈনম সংযোগী গুৰুত্বপূর্ণ পথ এটা নির্মাণকার্যত বাধা প্রদান কৰি আহিছিল৷ পৰিণতিত দীর্ঘদিন ধৰি স্থবিৰতাই বিৰাজ কৰিছিল পথছোৱা নির্মাণত৷ এনে অৱস্থাত অসম আৰক্ষীৰ সীমান্ত শাখাৰ দায়িত্বত থকা অতিৰিক্ত সঞ্চালকপ্রধান হৰমীট সিঙৰ নেতৃত্বত আজি উক্ত স্থানত উপস্থিত হয় এটা উচ্চ পর্যায়ৰ দল৷ এই দলটোত আছিল কাছাৰ জিলাৰ উপায়ুক্ত কীর্থি জল্লী, আৰক্ষী অধীক্ষক বৈভৱ চন্দ্রকান্ত নিম্বলকাৰসহ কেইবাজনো শীর্ষ বিষয়া৷ প্রধানতঃ পথটোৰ নির্মাণকার্য যাতে আগবঢ়াই নিব পৰা যায়, সেয়াই উচ্চ পর্যায়ৰ দলটোৰ ধলাখাল ভ্রমণৰ উদ্দেশ্য আছিল৷ কিন্তু উচ্চ পর্যায়ৰ দলটোৰ উপস্থিতিতে আগ্রাসী মিজোৱে পথ নির্মাণত বাধা প্রদান কৰে৷ এনে অৱস্থাত অসম আৰক্ষীৰ বিশাল বাহিনীয়ে পথ নির্মাণত বাধা দিয়া মিজোসকলক সেই স্থানৰ পৰা খেদি পঠিয়ায় আৰু নির্মাণকার্য আৰম্ভ কৰে৷

লক্ষণীয়ভাৱে মিজোসকলৰ অধিকাংশই সাধাৰণ নাগৰিক আছিল যদিও তেওঁলোকৰ সৈতে কিছুসংখ্যক সশস্ত্র লোক থকাও পৰিলক্ষিত হৈছিল৷ অসম আৰক্ষীয়ে খেদি পঠিওৱা মিজোসকলে কিছু দূৰৈত গৈ অৱস্থান কৰে৷ ইয়াৰ মাজতে মিজো দুর্বৃত্তই অসম আৰক্ষীৰ দললৈ লক্ষ্য কৰি নিক্ষেপ কৰে এটা গ্রেনেড৷ অসমৰ উচ্চ পর্যায়ৰ দলটোৰ এজন প্রতিনিধিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, গ্রেনেডটো বিস্ফোৰিত হয় যদিও সৌভাগ্যক্রমে কোনো হতাহত নহ’ল৷ স্থানীয় আৰক্ষী সূত্রয়ো অসমৰ ভূখণ্ডৰ ভিতৰত গ্রেনেড বিস্ফোৰণ হোৱাৰ কথা নিশ্চিত কৰিছে৷

সূত্রটোৱে জানিবলৈ দিয়া মতে, ইতিমধ্যে অসমৰ সীমাৰ প্রায় ৬.৫ কিলোমিটাৰ ভিতৰলৈ সোমাই আহি সেই এলেকাটো নিজৰ দখললৈ নিছে আগ্রাসী মিজোৱে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে লাইলাপুৰ এলেকাত ধাৰাবাহিকভাৱে মিজো দুর্বৃত্তই বিভিন্ন ধৰণৰ হিংসাত্মক কার্যকলাপ সংঘটিত কৰি আহিছে৷ বিগত বর্ষত আপাৰ পৈনমৰ এখন বিদ্যালয়ত মিজো দুর্বৃত্তই বোমা বিস্ফোৰণ সংঘটিত কৰিছিল৷ লাইলাপুৰ এলেকাৰ ইন্তাজুল লস্কৰ নামৰ এজন ব্যক্তিৰ যোৱা ২ নৱেম্বৰত মিজোৰামৰ কৈলাছিব জিলাৰ অন্তর্গত ভাইৰেংটেত মৃত্যু হোৱাক কেন্দ্র কৰি উদ্ভৱ হৈছিল তীব্র সংঘাতপূর্ণ পৰিস্থিতি৷

দুয়োখন ৰাজ্য চৰকাৰৰ প্রতিনিধিৰ মাজত অনুষ্ঠিত কেইবালানি উচ্চ পর্যায়ৰ বৈঠকৰ অন্তত এই সংঘাতৰ সাময়িকভাৱে ওৰ পৰিছিল যদিও পুনৰ শেহতীয়াকৈ সীমান্তৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ যাৰ বাবে কালি নতুন দিল্লীৰ গার্বি গুজৰাট ভৱনত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা–সম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত আৰু মিজোৰাম চৰকাৰৰ মুখ্য সচিব লালনুনমাবিয়া চুৱাংগোৰ–মিজোৰাম আৰক্ষীৰ সঞ্চালকপ্রধান এছ বি কে সিং প্রথমতে এক আলোচনাত মিলিত হয়৷ এই আলোচনাৰ পাছত নর্থ ব্লকস্থিত কেন্দ্রীয় গৃহ মন্ত্রালয়ত ভাৰত চৰকাৰৰ গৃহ সচিব অজয় কুমাৰ ভাল্লাৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল এখন গুৰুত্বপূর্ণ বৈঠক৷

যিখন বৈঠকত অসম–মিজোৰাম চৰকাৰৰ প্রতিনিধি হিচাপে উপস্থিত থাকে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্রধান৷ এই বৈঠকত কার্যতঃ দীর্ঘদিনীয়া সীমা সমস্যাৰ সমাধানৰ পথ প্রশস্ত হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছিল৷ কিন্তু আজিৰ ঘটনাই বিষয়টো কার্যতঃ জটিলতাৰ দিশলৈ লৈ যোৱাৰ ধাৰণা কৰা হৈছে৷ কালিৰ বৈঠকৰ অন্তত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই স্পষ্টভাৱে কৈছিল যে মিজোৰামৰে চুক্তিৰ বাট প্রশস্ত হৈছে আৰু বহুখিনি কথা আগবাঢ়িছে৷ এবছৰ পূর্বে সীমা য’তেই আছিল তাতেই থাকিব লাগিব৷ মিজোৰামে দখলীকৃত ভূমি ত্যাগ কৰাৰ পাছতহে অসমে নিৰাপত্তা বাহিনী প্রত্যাহাৰ কৰিব৷ তেওঁ লগতে অসমৰ ভৌগোলিক অখণ্ডতাৰ সৈতে ৰাজ্য চৰকাৰে কোনোপধ্যে আপোচ নকৰে বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল৷

ইফালে, গ্রেনেড বিস্ফোৰণৰ পাছতে সীমান্তৱর্তী অঞ্চলত বাস কৰা অসমৰ বহু গঞা পৰিয়ালে নিজৰ ঘৰ–দুৱাৰ এৰি নিৰাপদ স্থানলৈ ঢ়াপলি মেলা বুলি জানিব পৰা গৈছে৷ আতংকগ্রস্ত ইয়াৰে একাংশ লোকে কয়– আমি যিকোনো নিৰাপদ স্থানত আশ্রয় বিচাৰিছোঁ৷ মিজো দুর্বৃত্তই দিনতে বিস্ফোৰণ সংঘটিত কৰিছে৷ নিশাৰ ভাগত তেওঁলোকে কি কৰিব, সেয়া অনুমান কৰিব নোৱাৰি৷

মন কৰিবলগীয়া যে গ্রেনেড বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতে বাতৰি সংগ্রহৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছিল সংবাদ মাধ্যমৰ এটা দল৷ কিন্তু সাংবাদিকক বাতৰি সংগ্রহৰ ক্ষেত্রত অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধান হৰমীট সিঙে বাধা প্রদান কৰাৰ অভিযোগ উত্থাপন হৈছে৷

You might also like