নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্ণৌ বিমানবন্দৰত ইণ্ডিগোৰ বিমানৰ জৰুৰী অৱতৰণ

নিউজ ডেস্ক, ১৮ জানুৱাৰী : মাজ আকাশত ইণ্ডিগোৰ বিমানত বোমা আতংক। দিল্লীৰ পৰা বাগডোগৰা অভিমুখে যোৱা বিমান এখনত বোমা ৰখা হৈছে বুলি বাৰ্তা লাভ কৰাৰ পাছতেই তৎক্ষণাত লক্ষ্ণৌ বিমানবন্দৰত বিমানখনৰ জৰুৰী অৱতৰণ কৰোৱা হয়। ইয়াৰ ফলত যাত্ৰীসকলৰ মাজত তীব্ৰ আতংক বিয়পি পৰে।

অৱশ্যে বিমানখনত থকা সকলো যাত্ৰী সুৰক্ষিত আছে বুলি জানিব পৰা গৈছে। কেৱল সেয়াই নহয়, বিমানখনক পৃথক কৰি ৰাখি তালাচী চলোৱা হয় যদিও কোনো সন্দেহজনক বস্তু উদ্ধাৰ হোৱা নাই। যাত্ৰীসকলৰ সুৰক্ষাক গুৰুত্ব দি ইতিমধ্যে বিমান সংস্থাই সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে।

দেওবাৰে পুৱা ২০০জনৰো অধিক যাত্ৰী লৈ বিমানখন দিল্লীৰ পৰা বাগডোগৰা অভিমুখে উৰা মাৰে। উৰা মৰাৰ কিছু সময়ৰ পিছতে বিমানখনত বোমা আছে বুলি বাৰ্তা আহে। ইয়াৰ পাছতেই তৎক্ষণাত বিমানখন লক্ষ্ণৌ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰোৱা হয়।

সংবাদ সংস্থাক এজন আৰক্ষী বিষয়াই জনোৱা মতে, বিমানখনৰ শৌচালয়ত এখন টিচু পেপাৰত ভাবুকি-ভৰা বাৰ্তা লিখা আছিল, য’ত বিমানখনত বোমা ৰখা হৈছে বুলি দাবী কৰা হৈছিল। কোনে বা কি কাৰণত এই কাম কৰিলে সেই সন্দৰ্ভত এতিয়া তদন্ত কৰি থকা হৈছে বুলি আৰক্ষী বিষয়াজনে জানিবলৈ দিয়ে।

ইফালে, বিমান সংস্থাৰ ফালৰ পৰাও ইতিমধ্যে এটা বিবৃতি জাৰি কৰা হৈছে। বিবৃতিত কোৱা হৈছে যে হুমকিৰ বাৰ্তা পোৱাৰ লগে লগে সকলো নিৰ্ধাৰিত প্ৰটোকল মানি বিমানখনক লক্ষ্ণৌ  বিমানবন্দৰত জৰুৰী অৱতৰণ কৰোৱা হয়। সকলো ধৰণৰ পৰীক্ষা-নিৰীক্ষা সম্পন্ন কৰা হৈছে আৰু বিমানখনত থকা সকলো যাত্ৰী সম্পূৰ্ণ সুৰক্ষিত আছে বুলি বিমান সংস্থাই নিশ্চিত কৰিছে।

You might also like