নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল
আজি ৬ জানুৱাৰী,       পুহ মাহৰ ২১ তাৰিখ
শুকুৰবাৰঃ তিথি–পূর্ণিমা        নক্ষত্রঃ আদ্রা, যাত্রাঃ নাই৷

মেষঃ আর্থিক দিশত বেছি বাধা নাপাব৷ দৈহিক দিশত বিষ–বেদনা থাকিব৷ প্রেম–প্রণয়ত সাৱধান৷

বৃষঃ কর্মক্ষেত্রতো সৰু–সুৰা বাধা আহিব পাৰে, দিনটোত আর্থিক সমস্যা থাকিব৷ বিদ্যাত যত্ন লোৱাটো আৱশ্যক৷

মিথুনঃ শৰীৰ প্রায় অনুকূলমুখী৷ বিদ্যাত যত্নবান হওঁক, অযথা কামত সময় নষ্ট নকৰাই ভাল৷ আর্থিক শুভ ফল পাব, ব্যৱসায়ত মধ্যম উন্নতি৷ সন্তান সম্ভাৱা মহিলাসকল সাৱধান থাকিব৷

কর্কটঃ আর্থিক ধন হাতলৈ আহিলেও পর্যাপ্ত নহ’ব৷ কর্মক্ষেত্রত শুভ ফল পাব৷ শৰীৰ আৰু পৰিৱেশ কিছু প্রতিকূল থাকিব৷

সিংহঃ আর্থিক বাধা নাপাব, শাৰীৰিক দিশত জ্বৰ, কাঁহ, পেটৰ অসুখত ভূগিব পাৰে৷ ব্যৱসায়ত শুভ ফল পাব৷ বিদ্যাত যত্ন লোৱাটো আৱশ্যক৷

কন্যাঃ দিনটো উন্নত নহ’ব পাৰে, ঘৰুৱা কাৰণত মন বেয়া হ’ব পাৰে৷ আগন্তুকৰ বাবে দুশ্চিন্তা নকৰাই ভাল৷ দাম্পত্যত শুভ৷

তুলাঃ একাধিক কথাত মন বিক্ষিপ্ত থাকিব৷ কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব৷ প্রেমত বাধা ঘৰুৱা শুভ৷

বৃশ্চিকঃ পুৱাৰ ভাগ মনটো উদ্বেগ দেখা যায়৷ ভ্রমণ কৰিব পাৰে৷ পৰাপক্ষত স্পষ্টভাষী হ’বলৈ চেষ্টা কৰক৷ প্রেমত শুভ৷

ধনুঃ ব্যৱসায়ত মধ্যম৷ শাৰীৰিক দিশত দুর্বলতা থাকিব৷ সন্তানৰ শুভ৷ প্রেমত অস্থিৰতা থাকিব৷ দাম্পত্যত মধ্যম৷

মকৰঃ কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰি ৰাখিব৷ আর্থিকত বেয়া নহ’ব৷ প্রেম–প্রীতিত আন্তৰিকতা৷

কুম্ভঃ দিনৰ ১২ বজাৰ পাছত কিছু ফৰকাল অনুভৱ কৰিব৷ ব্যৱসায়ত মধ্যম৷ দাম্পত্যত মতানৈক্য সৃষ্টি৷ বিদ্যাত শুভ৷

মীনঃ ঘৰুৱা পৰিৱেশ অনুকূল৷ কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব৷ শৰীৰ বেয়া নাযাব৷ প্রেমত শুভ৷

You might also like