নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপিএফৰ অংশীদাৰিত্বই  ১২খন আসন অধিক বৃদ্ধি কৰিব মহাজোঁটৰ

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ ‘বি পি এফ মহাজোঁটৰ অংশীদাৰ হোৱাৰ পিছত এতিয়া আমি আৰু ১২খন আসন পাম৷ বিভিন্ন জাতি–জনগোষ্ঠী আজি বিজেপিৰ বিৰুদ্ধে ৰাজপথলৈ নামি আহিছে৷ এতিয়া মহাজোঁটৰ পৰিসৰ বাঢ়ি গৈ আছে৷ হাগ্রামা মহিলাৰী মহাজোঁটত চামিল হোৱাত এই সংখ্যা ৭টালৈ বৃদ্ধি পাইছে আৰু কথা–বতৰা চলি আছে৷ সকলো একগোট হৈ আমি বিজেপিক পৰাভূত কৰ্বি লাগে৷’ –দেওবাৰে এইদৰে সাংবাদিকৰ আগত মন্ত্ব্য দিয়ে প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনে৷

নির্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছতেই চামগুৰিৰ বাজিয়াগাঁও ব্লক কংগ্রেছৰ কার্যালয়ত এখন দলীয় সভাত অংশগ্রহণ কৰাৰ পিছতে সাংবাদিকৰ  সৈতে মত বিনিময় অনুষ্ঠানত তেওঁ এইদৰে কয়৷ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল এতিয়ালৈকে মহাজোঁটত চামিল নোহোৱা সম্পর্কে সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত বিধায়ক হুছেইনে কয়– ‘এতিয়া বিজেপিবিৰোধী সকলো দল একগোট হৈছে৷ আমি তেওঁলোকক অংশীদাৰ হ’বলৈ আহ্বান জনাইছোঁ৷ ক্বিা কাৰণত নাহিলেও বিজেপিক প্রতিহত কৰিব বিচাৰে৷ পথ বেলেগ হ’লেও মূল কথা বিজেপিক পৰাস্ত কৰা৷ সেই ক্ষেত্রত আমি ঐক্যবদ্ধ৷’ মহাজোঁট হ’লে কংগ্রেছৰ কোনো বিধায়ক টিকটৰ পৰা বাদ পৰ্বিনে নপৰে এই কথা মহাজোঁটৰ সাধাৰণ সভাইহে সিদ্ধান্ত ল’ বুলি জানিবলৈ দিয়ে ৰকিবুল হুছেইনে৷ অপিনিয়ন প’লৰ ক্ষেত্রত প্রকাশিত তথ্য ছমাহ পূবৰ৷

বর্তমানৰ পৰিৱেশ সুকীয়া বুলি মন্তব্য কৰি হুছেইনে কয়, ‘১০০ প্লাছৰ কথা কোৱা বিজেপিৰ এতিয়া একজিট প’লত আসন ৭০লৈ হ্রাস পাইছে৷ ১২৬টা সমষ্টিত একজিট প’ল কৰোঁতে ৬ মাহ লাগিছিল৷ কিন্তু আজিৰ পৰিৱেশ সলনি হৈছে৷ বিজেপিৰ এতিয়া দ্রুত অৱনতি ঘটিছে৷’ মহাজোঁটৰ মুখ্যমন্ত্রী কোন হ’ব বুলি সাংবাদিকৰ প্রশ্ণৰ উত্তৰত জান্বিলৈ দিয়ে যে কংগ্রেছৰে মুখ্যমন্ত্রী হ’ব আৰু হাইকমাণ্ডে এইক্ষেত্রত সিদ্ধান্ত ল’৷

You might also like