নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত অসমীয়াৰ আয়ুস ৰেখা মহাবাহুৰ আয়ুসক লৈ শংকা

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই নিজৰ এক কালজয়ী গীতত অসম আৰু অসমীয়াৰ আয়ুসৰেখা বুলি অভিহিত কৰিছিল মহাবাহু ব্ৰহ্মপুত্ৰক। কিন্তু ধুবুৰীৰ কাষেৰে বৈ যোৱা মহাবাহুৰ সেই বিশাল জলধাৰাৰ ঠায়ে ঠায়ে এতিয়া দৃশ্যমান হৈছে বিশাল বিশাল বালিচৰ; নদীখনৰ জলস্তৰ ঠায়ে ঠায়ে কমি লৈছে সুঁতি সদৃশ ৰূপ। পূৰ্বে ডিচেম্বৰ–জানুৱাৰী মাহত ধুবুৰীত বৰলুইতৰ পানী অস্বাভাৱিক ভাৱে কমা পোৱা গৈছিল যদিও এইবাৰ নৱেম্বৰ মাহতেই নৈখনে লৈছে সেই ৰূপ। ঠায়ে ঠায়ে সুঁতিৰ ৰূপ লোৱা নৈখনৰ সেইবোৰ ঠাইত নাওঁ চলাৰ ঠাইত চলিছে বাহন।

উল্লেখ্য যে, এসময়ত ৮/১০ কিলোমিটাৰৰ বহল এই নদীখনৰ পানী খৰালিৰ সময়ত ঠায়ে ঠায়ে অস্বাভাৱিক ভাৱে কমি আহিবলৈ লোৱা পোৱা গৈছে বিগত কেইবা বছৰৰ পৰা। ফলত এসময়ত গৈ খৰালী আহিলেই ধুবুৰীত ব্ৰহ্মপুত্ৰই এক সৰু সুঁতিৰ ৰূপ ল’ব নেকি সেই আশংকাৰ উদয় হৈছে। সমান্তৰালকৈ ব্ৰহ্মপুত্ৰৰ জলস্তৰ এইদৰে কমি থাকিলে ধুবুৰী জিলাৰে বৈ যোৱা নৈখনৰ উপনৈসমূহৰ জলস্তৰত কি প্ৰভাৱ পৰিব পাৰে-উদয় হৈছে সেই প্ৰশ্নৰো। পিছে তেনে পৰিস্থিতিত ধুবুৰী জিলাখনৰ নৈপৰীয়া ৰাইজকে ধৰি নৈৰ পানীৰ ওপৰত নিৰ্ভৰ কৰা জিলাখনৰ সেইসকল কৃষিজীৱি ৰাইজৰ জীৱন–জীৱিকালৈ যে অমানিশা নামি আহিব সেয়া কিন্ত ধুৰূপ।

তদুপৰি ব্ৰহ্মপুত্ৰৰ জলস্তৰ এইদৰে ক্ৰমশঃ হ্ৰাস পাই থাকিলে নৈখনৰ দুষ্প্ৰাপ্য নদীয় শিহুৰ (river dophin) জীৱন চক্ৰত জটিলতাৰ সৃষ্টি কৰাৰ সম্ভাৱনাও পূৰা মাত্ৰায় বিদ্যমান হৈ পৰিছে। এনেবোৰ কাৰণত বৰলুইতৰ পানীৰ স্বাভাৱিক প্ৰৱাহ যাতে সদায় থাকে তাৰবাবে সংশ্লিষ্ট চৰকাৰী বিভাগসমূহে তৎকালে উপযুক্ত পৰিকল্পনা হাতত লোৱাটো অতীৱ জৰুৰী বুলিয়েই বিবেচিত হৈছে সচেতন ৰাইজৰ মাজত এতিয়া।

You might also like