নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ উত্তৰ গায়ন গাঁৱত দুৰ্ভাগ্যজনক ঘটনা : বিদুৎপৃষ্ট হৈ এগৰাকী মহিলাৰ মৃত্যু 

নিয়মীয়া বাৰ্তা ,  ১৮ ফেব্ৰুৱাৰী : মাজুলীৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত উত্তৰ গায়ন গাঁৱৰ নিৱাসী ইন্দ্ৰ দত্তৰ পত্নী ৰূপা দত্ত ( ৩৫) কালি বিয়লি প্ৰায় ৫ মান বজাত  বিদুৎ পৃষ্ঠা হৈ কৰুণ মৃত্যুক সাৱতি লয় ৷ জানিব পৰা মতে ইন্দ্ৰ দত্ত শহুৰেকৰ ঘৰত পুত্ৰ সহ সৰিয়হ মাৰিবলৈ গৈছিল ৷ কালি বিয়লি ঘৰলৈ বাৰে বাৰে  ফোন কৰিও কোনো উত্তৰ নোপোৱাত পুত্ৰক ঘৰলৈ পঠাই দিয়ে ৷ চতুৰ্থ শ্ৰেণীত পঢ়ি থকা পুত্ৰই ঘৰ পোৱাৰ পিছত মাকক ধানৰ মেৰটোৰ ওচৰত মাটিত পৰি থকা দেখি হুলস্থূল লগাই ৷ কাষৰ মানুহে চিঞৰ-বাখৰ শুনি ইন্দ্ৰৰ ঘৰলৈ যোৱাত মানুহ গৰাকী মাটিত পৰি থকা দেখি হতবাক হৈ পৰে ৷ মানুহ গৰাকী পৰি থকা অৱস্থাত মানুহ গৰাকীৰ কাষত এটা পানী সহ এটা পানীৰ টিং আৰু শৰিৰত ফেস্কিবুল ৱাৰ প্ৰত্যক্ষ কৰে ৷ ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পাৰম্ভিক তদন্ত আৰম্ভ কৰি মহিলা গৰাকীক মৰনোত্তৰ পৰিক্ষাৰ বাব লৈ যায় ৷ আৰক্ষীয়ে এই প্ৰতিবেদকক ফিল্টাৰত পানী দিবলৈ আহোতে বিদুৎৰ তাৰত লাগি কৰুণ মৃত্যু হোৱা বুলি মন্তব্য কৰে ৷ আজিৰ দিনটোত ঘৰখনত অৰ্বনীয় পৰিৱেশ ৰ সৃষ্টি হৈছে ৷ মৃত্যুৰ সময়ত মহিলা গৰাকীয়ে স্বামী সহ পুত্ৰক এৰি থৈ যায় ৷
 প্ৰাঞ্জল খাউণ্ড
You might also like