নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিখন নাটেৰে কৈঠালকুছিত পৰিসমাপ্তি পথাৰ নাটমেলাৰ

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ সূর্যোদয় নাট্যগোষ্ঠী চমুকৈ সূনাগ কৈঠালকুছিৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সৌজন্যত আৰু নল্বাৰী কলেজৰ তত্ত্ব আৰু প্রয়োগ কেন্দ্র আৰু ইংৰাজী বিভাগৰ সীমা বিশ্বাস েবালছবি আৰু পৰিৱেশ্য কলা কেন্দ্রৰ সহযোগত কালিৰে পৰা কৈঠালকুছিৰ বাসন্তী মন্দিৰৰ সমীপৰ মিশ্রপাৰা–কানাইতোলা সংযোগী পথাৰৰ বুকুত ৰত্ন ওজাৰ সোঁৱৰণত উৎসর্গিত ক্ষেত্রত অনুষ্ঠিত সপ্তম বার্ষিক পথাৰ নাটমেলা–২০২১ৰ আজি সফল সামৰণি পৰে৷ শ্রমজীৱী গাঁৱলীয়া লোকসকলে সহজে ঢুকি পোৱাকৈ  ধাননি  পথাৰৰ মাজৰ শুকান নৰা কাটি মুকলি কৰি লোৱা ঠাইত মুকলি আকাশৰ তলত কেঁচা মাটিতে বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ সহায় নোলোৱাকৈ কঁহুৱা বন, থলুৱা আৰু কৃষিজাত সামগ্রীৰে সাজি উলিওৱা মঞ্চত সম্পূর্ণ প্রাকৃতিক পৰিৱেশত অসমৰ ছয়টা খ্যাতনামা নাট্যগোষ্ঠীয়ে পথাৰ নাটমেলাত পৰিৱেশন কৰা ছয় খন বিখ্যাত নাটে দর্শকক মন্ত্রমুগ্ধ কৰে৷ পথাৰ নাটমেলাৰ প্রথম দিনা গণতাল ছিপাঝাৰে চাংকু নিৰঞ্জন নাথ ৰচিত আৰু পৰিচালিত নাট‘Ass_ass_i_nation.’ আৰু নাট্যগোষ্ঠী ৰংগকথা, গুৱাহাটীয়ে আবেলি মহাশ্বেতা দেৱীৰ ‘বিচন’ নামৰ বাংলা গল্পৰ আধাৰত নিৰঞ্জন ভূঞাই নাট্যৰূপ দিয়া আৰু পৰিচালনা কৰা ‘জ’ নাটখন নিেবদন কৰে৷ আজি সূনাগ কৈঠালকুছিৰ শিশু শিল্পীসকলে লক্ষ্মীনাথ েবজ্বৰুৱাৰ ৰচনাৰ আধাৰত মুকুল ঈদিপাছে নাট্যৰূপ দিয়া আৰু দীপা মিশ্রই পৰিচালনা কৰা ‘অ’ ফুল অ’ ফুল’ আৰু উত্তৰণ চামতাই লক্ষ্মীনাথ েবজ্বৰুৱাৰ ৰচনাৰ আধাৰত কুলদীপ তালুকদাৰে নাট্যৰূপ দিয়া আৰু পৰিচালনা কৰা ‘সৰৱজান’ নাটখন নিেবদন কৰে লগতে আেবলি থিয়েটাৰ গীল্ড গুৱাহাটীয়ে নৰেন পাটগিৰিৰ ৰচিত আৰু  পৰিচালিত ‘বিদ্যা বালান৷ ৫০০১/ ইবিই’ (বিদ্যা বালান/ ফাইভ থাউজেণ্ড /ৱান/ ইবিই) আৰু সূনাগ, কৈঠালকুছিয়ে অনুপ মজুমদাৰ ৰচিত আৰু মুকুল ঈদিপাছে পৰিচালনা কৰা নাট ‘অন্য এক ৰামায়ণ’ নিেবদন কৰে৷ নাটকেইখনৰ কিছুমান সংলাপ আৰু নাট্যমুহূর্তই দর্শক ৰাইজক চিন্তাৰ খোৰাক দিয়াৰ লগতে নাটকেইখনে উপস্থিত দর্শক ৰাইজক মন্ত্রমুগ্ধ কৰি তোলাৰ সমান্তৰালকৈ নাটসমূহৰ একাংশ দৃশ্যই হঁাহিৰ খোৰাক যোগায়৷ ইয়াৰ উপৰি নাটসমূহৰ কাহিনী, অভিনেতা–ভিনেত্রীৰ সাৱলীল অভিনয়, কাব্যিক আৰু ৰসাল সংলাপে দর্শকক মুগ্ধ কৰে৷ লগতে নাটকেইখন নিেবদন হোৱাৰ সময়ত দর্শকৰ মাজত কাঁহ পৰি জিন যোৱা সদৃশ পৰিৱেশৰ সৃষ্টি হোৱাৰ মাজতে একাংশ দৃশ্যত দর্শকে জাউৰিয়ে–জাউৰিয়ে হাত চাপৰি বজাই অভিনেতাসকলক উৎসাহ যোগোৱা পৰিলক্ষিত হয়৷ পথাৰ নাটমেলাৰ দুয়োটা দিনতে অসমৰ বহুকেইজন অভিনেতা, নাট্যকাৰ, কবি, শিল্পী, শিক্ষাবিদ, সাহিত্যিক, সাংবাদিকৰ উপৰি ৰাজ্যৰ বিভিন্ন প্রান্তৰ বহু শিক্ষার্থী উপস্থিত থাকে৷ আনফালে আজি পথাৰ নাটমেলাৰ শেষৰ দিনৰ কার্যসূচী মর্মে পুৱা ছাত্র–ছাত্রীৰ মাজত চিত্রাংকন প্রতিযোগিতা অনুষ্ঠিত হয়৷ প্রতিযোগিতাখন পৰিচালনা কৰে আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন চিত্রশিল্পী সুচ্ব্রিত ৰয়ে৷ পুৱাৰ ভাগত অসম লোকসেৱা আয়োগৰ বিত্ত আৰু গাণনিক বিষয়া হৰেন্দ্র নাথ ৈবশ্য বণিয়াই নাট উদ্বোধন কৰে৷ আেবলি চামতাৰ কামৰূপ কলেজৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ কবিতা চৌধুৰীয়ে ৰত্ন ওজাৰ প্রতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্বলন কৰাৰ পাছত নলিনীবালা দেৱী সোঁৱৰণী নাট্য আেবলিত বিশিষ্ট অভিনেত্রী গায়ত্রী মহন্ত, বিশিষ্ট অভিনেতা হিৰণ্য ডেকা, বিশিষ্ট নাট পৰিচালক জ্যোতিনাৰায়ণ নাথ, বিশিষ্ট নাট্যকাৰ অনুপ মজুমদাৰ, নাট্যকাৰ৷ পৰিচালক নৰেন পাটগিৰি, নল্বাৰীৰ বিধায়ক অশোক শর্মা আৰু বিশিষ্ট সাংবাদিক ছায়ামণি ভূঞাই অতিথি হিচাপে উপস্থিত থাকে৷ অতিথি হিচাপে উপস্থিত থাকি সাংবাদিক ছায়ামণি ভূঞাই  ভাষণ প্রসংগত ‘পথাৰ আমাৰ প্রাণ’ বুলি উল্লেখ কৰি ‘পথাৰৰ যোগেদিহে আমি আমাৰ পৰম্পৰা আৰু কর্ম–সংস্কৃতিক জীয়াই ৰাখিব পাৰিম’ বুলি কয়৷ আনফালে আজিও পথাৰ নাট মেলাত উপস্থিত হোৱা বিশিষ্ট ব্যক্তিসকলক সূনাগৰ তৰফৰ পৰা গ্রামাঞ্চলত উৎপাদিত হোৱা বিভিন্ন শাক–পাচলিৰে আদৰণি জনোৱা হয়৷ নাট্য আবেলিত পথাৰ নাট মেলাৰ সভানেত্রী, বিশিষ্ট অভিনেত্রী  পূর্ণিমা পাঠক শইকীয়াই শুভ্বাক প্রদান কৰি গাঁও থাকিলে, আমাৰ পথাৰ থাকিলেহে অসমীয়া থাক্বি বুলি উল্লেখ কৰে৷ লগতে আগন্তুক বর্ষত অর্থাৎ ২০২২ বর্ষৰ অষ্টম বার্ষিক পথাৰ নাটমেলা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব বুলিও ঘোষণা কৰে৷ সপ্তম বার্ষিক পথাৰ নাটমেলাৰ সফল সামৰণিৰ পিছত নাট্যপ্রেমী ৰাইজে সূনাগ কৈঠালকুছিক এনেকুৱা ব্যতিক্রমী অনুষ্ঠান এটি অনুষ্ঠিত কৰি নাটকক সাধাৰণ চহা ৰাইজৰ মাজলৈ লৈ যোৱাৰ লগতে গ্রামাঞ্চলৰ সাধাৰণ ৰাইজক নাট উপভোগৰ সুযোগ দিয়া বােব সূনাগক ভূয়সী প্রশংসা কৰাৰ লগতে গোষ্ঠীটোৰ উত্তৰোত্তৰ উন্নতি কামনা কৰে৷

You might also like