নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিদ্রাহীনতা

-ডাঃ বিজিতা চুতীয়া

নিদ্রা দেহ বিশ্রাম কাৰক৷ নিদ্রাৰ পৰা আমি সুখ, শান্তি, পুষ্টি, বল তথা এক সুস্থ জীৱন লাভ কৰোঁ৷ নিদ্রাই আমাৰ শাৰীৰিক, মানসিক অৱসাদ দূৰ কৰি পুনৰ পিছদিনাৰ বাবে আমাক সক্রিয় কৰি তোলে৷ প্রত্যেক ব্যক্তিৰ বাবে নিদ্রাৰ প্রয়োজন বেলেগ বেলেগ৷ এজন সুস্থ–সবল প্রাপ্তবয়স্ক লোকক প্রতিদিনে সাত–আঠ ঘণ্টা নিদ্রাৰ প্রয়োজন৷ কেঁচুৱাক ১৬ৰ পৰা ২০ ঘণ্টা নিদ্রাৰ প্রয়োজন৷ শিশুসকলক ১২ ঘণ্টা নিদ্রাৰ প্রয়োজন৷ আনহাতে বৃদ্ধ অৱস্থাত ৫–৬ ঘণ্টা টোপনিৰ প্রয়োজন৷
আধুনিক জীৱনশৈলী আৰু বিসংগতিপূর্ণ খাদ্যাভ্যাসৰ ফলস্বৰূপে আজিকালি প্রায়ভাগ লোকে নিদ্রাহীনতাত ভোগা দেখা গৈছে৷ পুৰুষতকৈ মহিলাসকল বেছিকৈ অনিদ্রাত ভোগে৷

নিদ্রাহীনতাৰ ফলত দেখা দিয়া লক্ষণসমূহঃ
(১) মূৰৰ বিষ (২) মূৰ গধুৰ গধুৰ লগা (৩) দৈহিক জঠৰতা (৪) মানসিক অস্থিৰতা (৫) বদহদজম (৬) শৌচ খোলোচা নোহোৱা (৭) ভোক নলগা (৮) ছালৰ শুষ্কতা (৯) খং উঠা (১০) কামত মন নবহা ইত্যাদি৷
নিদ্রাহীনতাত ভোগা লোকসকলৰ ডায়েবেটিছ, ডিপ্রেছন, হাইপাৰ টেনচন (উচ্চ ৰক্তচাপ) আদি হোৱাৰ আশংকা বাঢ়ি যায়৷

আয়ুর্বেদিক দৃষ্টিভংগীত নিদ্রাহীনতাঃ
আয়ুর্বেদৰ মতে তম আৰু কফ দোষৰ আধিক্যই টোপনিৰ গুণাগুণ আৰু টোপনিৰ ওপৰত সময়ৰ প্রভাৱ নিৰূপণ কৰে৷ বিভিন্ন ধৰণৰ কাৰণৰ ফলত বাত আৰু ৰজঃদোষৰ বৃদ্ধি হৈ অনিদ্রাৰ সৃষ্টি হয়৷

আয়ুর্বেদত চিকিৎসাঃ
আয়ুর্বেদৰ নিদ্রাহীনতাৰ বাবে বিভিন্ন চিকিৎসা পদ্ধতি উল্লেখ আছে৷ তাৰ ভিতৰত অভ্যংগ, চক্ষতর্পণ, শিৰত লেপ প্রয়োগ, শিৰোধাৰা ইত্যাদি প্রয়োগৰ যোগেদি যথেষ্ট সুফল লাভ কৰিব পাৰি৷ নিদ্রাহীনতাত প্রয়োগ কৰা কেইবিধমান দৰকাৰী ঔষধি দ্রব্য হৈছে–
(১) শংখপুষ্পী (২) জটামাংসী (৩) অশ্বগন্ধা (৪) তগৰ (৫) শৰপুংখা ইত্যাদি৷

নিদ্রাহীনতাৰ পৰা বাচি থাকিবলৈ মানি চলিবলগীয়া নিয়মঃ
১) সবল, পুষ্টিকৰ আৰু সহজে হজম হোৱা আহাৰ খোৱা উচিত৷
২) নিয়মিত সময়মতে আহাৰ খোৱা উচিত আৰু ৰাতিৰ আহাৰ অতি কমেও শোৱাৰ দুঘণ্টা আগতে খাব লাগে৷
৩) সদায় নির্দিষ্ট সময়ত ৰাতি শুবলৈ যোৱাৰ লগতে নির্দিষ্ট সময়ত পুৱা শুই উঠা উচিত৷
৪) অত্যধিক মানসিক পৰিশ্রম, খং, চিন্তা ইত্যাদি এৰাই চলক৷
৫) ৰাতি শোৱাৰ আগত চাহ, কফী ইত্যাদি খোৱা অনুচিত৷
৬) দিনত শোৱা অভ্যাস ত্যাগ কৰক৷
৭) উত্তেজক খাদ্য, নিচাজাতীয় দ্রব্য ত্যাগ কৰক৷
৮) শোৱাৰ আগতে এগিলাচ গাখীৰ খাব৷
৯) আমিষ খাদ্য বর্জন কৰিব৷ সেউজীয়া শাক–পাচলি, ৰসাল ফল, মানিমুনি, টেঙেচি টেঙা, পূৰৈ শাক, দৈ আদি সুপথ্য৷
১০) ৰাতি শোৱাৰ আগতে টিভি চোৱা, লেপটপত কাম কৰা, ম’বাইল চোৱা আদি বেয়া অভ্যাস ত্যাগ কৰিব৷ কাৰণ এইবোৰ সামগ্রীৰ পোহৰে টোপনিত ব্যাঘাত জন্মায়৷
১১) দিনত ব্যায়াম বা যোগাভ্যাস কৰিলে টোপনি অহাত সহায় হয়৷

নিদ্রাহীনতা দূৰ কৰিবলৈ কেইবিধমান ঘৰুৱা বিধানঃ
১) একাপ গাখীৰত মৌ মিহলাই নিতৌ খাব৷
২) গোপালজলৰ লগত এটোপাল ঘি মিলাই ৰাতি শোৱাৰ সময়ত চকুত মাৰিব৷
৩) গৰম গাখীৰ এগিলাচৰ লগত অলপ জাইফল, ইলাচী আৰু শুকান আদা মিলাই খাব৷
৪) খিচমিচ আৰু গাখীৰ মিহলি কৰি ৰাতি শোৱাৰ সময়ত খাব লাগে৷
৫) কেঁচা পিঁয়াজৰ চালাদ নিতৌ খাব৷

You might also like