নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্নীতিৰ অভিযোগত ধুবুৰী জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা নিলম্বন

নিয়মীয়া বাৰ্তা, ৯ নবেম্বৰ: দুৰ্নীতিৰ অভিযোগত ধুবুৰী জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা নিলম্বন হোৱাৰ এক চাঞ্চল্যকৰ খৱৰ পোহৰলৈ আহিছে। জানিব পৰা মতে এমজিএনৰেগা আঁচনি ৰূপায়ণ কৰাত দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে লাভ কৰা অভিযোগৰ ভিত্তিত কৰা হৈছিল এক বিভাগীয় তদন্ত। সেই তদন্তত অভিযোগ সত্য প্ৰমাণিত হোৱাৰ পিছত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মুখ্য সচিবে এক নিৰ্দেশনাযোগে নিলম্বন কৰিছে ধুবুৰীত কাৰ্যৰত বিভাগীয় অভিযন্তা মনছেৰ আলী মণ্ডল।

You might also like