নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাটি আৰু চাকৰিৰ প্ৰলোভনৰে কিডনী নিলে দৰিদ্ৰ লোকৰঃ এপিডিচিএলৰ উচ্চ পদষ্ঠ বিষয়াৰ বিৰুদ্ধে অভিযোগ

নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰ: ৰাজ্য খনত কিডনী বিক্ৰীক লৈ সক্ৰিয় হৈ উঠিছিল এক দালাল চক্ৰ। সেই দালাল চক্ৰৰ কুকাৰ্যৰ ঘটণাৰ চাঞ্চল্য মাৰ নৌ যাওঁতেই শেহতীয়াকৈ পোহৰলৈ আহিছে কিডনী লৈ নগাঁৱৰ এজন দৰিদ্ৰ লোক প্ৰৱঞ্চিত হোৱাৰ আন এক জঘণ্য ঘটনা। ইতিমধ্যে যোৱা ২৬ অক্টোবৰত ভুক্তভোগীয়ে জিলা উপায়ুক্তক এই সম্পৰ্কত এক অভিযোগ পত্ৰ প্ৰদান কৰি পৰৱৰ্তী সময়ত মুখ্য মন্ত্ৰী, শক্তি মন্ত্ৰী আৰু শক্তি বিভাগৰ উৰ্দ্ধতম কৰ্তৃপক্ষলৈকো সুকীয়া সুকীয়া কৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰিও কোনো সুফল নোপোৱাত আজি নগাঁও প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰি সমস্ত ঘটণা প্ৰকাশ কৰে। তেওঁৰ ঘৰ নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী ডিফলুত।

নগাঁৱৰ ডিফলুৰ হিৰুমণি শইকীয়া নামৰ লোকজনে আজি সংবাদমেলত অভিযোগ উত্থাপন কৰি কয়,” মই এ পি ডি চি এলৰ চি জি এম কৰৱী বৰা ডেকাৰ স্বামী দীপ্তাক্ষ বৰাক যোৱা ২০২০ বৰ্ষৰ ডিচেম্বৰ মাহত মোৰ এটা কিডনী দান কৰিছিলো। কাকতত বিজ্ঞাপন পাই মই কৰৱী বৰা ডেকাৰ লগত যোগাযোগ কৰো। আৰু তেওঁ লোকক কৈছিলোঁ যে, আপোনালোকে যদি মোক দুটা বস্তু দিয়ে মই কিডনী দিম। মোক এডোখৰ মাটি আৰু এটা চাকৰি লাগিব। তেতিয়া বাইদেৱে মোক কৈছিল এ পি ডি চি এলত আগতে কিমানক চাকৰি দিলো। পিয়নৰ চাকৰি দিয়াটো মোৰ কাৰণে সাধাৰণ কাম। তোমাক মই দুই-তিনি মাহৰ ভিতৰত চাকৰি দিম। আৰু চাৰ ভাল হ’লে মাটি ডোখৰ চাই দিব।”

সংবাদ মেলত হীৰুমণি শইকীয়াই আৰু কয়, “মই তেওঁলোকৰ প্ৰলোভনত পৰি যোৱা বছৰ ৩১ ডিচেম্বৰত গুৱাহাটীৰ এপ’ল হাস্পাতালত ভৰ্তি হৈ তাতে অপাৰেশ্যন কৰাই মোৰ কিডনী এটা দান কৰো। পাছত বহুত দিন ফোন কৰিলো কিন্তু ব্যস্ত থকা বুলি কয়। তিনি চাৰি দিন মই বিজুলী ভৱনলৈ গৈছিলো তেওঁক লগ কৰিবলৈ। কিন্তু মোক তাৰ চিকিউৰিটিয়ে বাইদেউক লগ কৰিব নিদিলে। উপায়হীন হৈ মই চি এম চাৰ, শক্তি মন্ত্ৰী, বিভাগটোৰ এম ডিক অভিযোগ দিছো। নগাঁও জিলাৰ উপায়ুক্তকো অভিযোগ দিছো।ন্যায় পোৱা নাই বাবেই আজি মই সংবাদ মাধ্যমৰ কাষ চাপিছো। মোক ন্যায় লাগে।”

মূলতঃ আৰ্থিক দুৰাৱস্থাৰ বাবেই তেওঁ নিজৰ শৰীৰৰ অংগ বিক্ৰী কৰিবলগীয়া হৈছিল।বাস্তৱিকতে নিম্নবৰ্গৰ এটা চাকৰি লাভৰ আশাতে তেওঁ নিজৰ বৃক্ক বিক্ৰী কৰা বুলি সংবাদ মাধ্যমক বাৰম্বাৰ কয়। সংবাদ মেলতে হীৰুমণি শকীয়াই গাৰ চোলা ডাঙি কিডনী দানৰ সময়ত কৰা অস্ত্ৰোপচাৰৰ ক্ষত চিহ্নও প্ৰদৰ্শন কৰে।

You might also like