নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেৰগাঁৱত দ্বিতীয় বি টি আৰ শান্তি চুক্তি দিৱস পালন

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী: বি টি আৰ অঞ্চলৰ অন্যান্য প্ৰান্তৰ লগতে ভেৰগাঁৱতো আজি দ্বিতীয় বি টি আৰ শান্তি চুক্তি দিৱস পালন কৰা হয় । ভেৰগাঁও মহকুমা প্ৰশাসনৰ উদ্যোগত ইয়াৰ বাকৰিত উদযাপন কৰা এই দিৱসৰ উদ্ধোধনী অনুষ্ঠানত অংশ লৈ বি টি চিৰ অভিভাৱক কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই কয় যে বি টি আৰ চুক্তিয়ে অঞ্চলটোৰ জনসাধাৰণৰ বহু সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে । দীঘলীয়া সংগ্ৰামৰ অন্তত ২০২০ চনৰ ২৭ জানুৱাৰীত হোৱা বি টি আৰ চুক্তিৰ জৰিয়তে প্ৰমোদ বড়োৰ নেতৃত্বত বি টি আৰলৈ শান্তি ঘূৰি আহিছে বুলিও ব্ৰহ্মই মন্তব্য কৰে । মহকুমাধিপতি দীপক ভূঞাই বি টি আৰ চুক্তিৰ জৰিয়তে চৰকাৰে বড়ো জনগণক এক সাংবিধানিক মৰ্যাদা প্ৰদান কৰিছে বুলি মন্তব্য কৰে । ইপিনে কাৰাবন্দী ৰঞ্জন দৈমাৰী সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত বি টি চিৰ আন এগৰাকী কাৰ্যবাহী সদস্য দাউবৈছা বড়োৱে কয় যে বি টি আৰ শান্তি চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী ৰঞ্জন দৈমাৰীৰ মুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন কৰা হৈছে । চুক্তি খনৰ এগৰাকী স্বাক্ষৰকাৰী হিচাপে দৈমাৰীয়ে শীঘ্ৰে মুক্ত আকাশৰ তললৈ আহি বি টি আৰ বাসী ৰাইজৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে । শৃংখলাবদ্ধতাৰে আয়োজন কৰা বি টি আৰ চুক্তি দিৱসৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সহকাৰী আয়ুক্ত লুকাছ বৈশ্য, পংখী হাজৰিকা, প্ৰজ্ঞা জ্যোতি লস্কৰ, ইউ পি পি এলৰ মুখপাত্ৰ বাবুল বসুমতাৰী, বি টি চিৰ পৰিষদীয় সদস্য ভবেন্দ্ৰ বড়ো, জ্যেষ্ঠ নাগৰিক কুলেন গয়াৰী, ভেৰগাঁও জিলা ইউ পি পি এলৰ সভাপতি নিৰ্মল বড়ো, প্ৰশাসনিক সম্পাদক এন্থনী বসুমতাৰী, বড়ো আন্দোলনৰ অগ্ৰণী নেতা নন্দ বড়োৰ লগতে দলীয় নেতা, কৰ্মী আৰু বিভিন্ন বিভাগৰ চৰকাৰী বিষয়া সকল উপস্থিত থাকে । ইয়াৰ পিছতে এই উপলক্ষে উলিওৱা বাইক ৰেলীৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে মহকুমাধিপতি দীপক ভূঞা, এম চি এল এ ভবেন্দ্ৰ বড়ো আৰু বি টি চিৰ অভিভাৱক কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই । ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ বাকৰিৰ পৰা আৰম্ভ কৰা বাইক ৰেলীটো ভেৰগাঁও চহৰৰ মাজৰে ডিমাকুছিলৈ পৰিভ্ৰমণ কৰি পুনৰ ভেৰগাঁৱলৈ ঘূৰি আহে ।

ধীৰেন মহলীয়া
খৈৰাবাৰী, ওদালগুৰি

You might also like