নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্ণিল কাৰ্যসূচীৰে অসম গেছ কোম্পানী আৰু অইল ইণ্ডিয়াত গণৰাজ্য দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী : বাৰেৰহণীয়া বিবিধ সাংস্কৃতিক কাৰ্যসূচীৰে অসম গেছ কোম্পানী লিমিটেডত ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পতাকা উত্তোলন কৰি শুভেচ্ছামূলক বক্তৃতা আগবঢ়াই অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালক গকুলচন্দ্ৰ স্বৰ্গীয়াৰীয়ে । কাৰ্যসূচীৰ আৰম্ভণিতে তিনিচুকীয়াৰ ৬৮ বি এন চি আৰ পি এফে প্ৰৰ্দশন কৰা সামৰিক অভিবাদন গ্ৰহণ কৰে পৰিচালন সঞ্চালকগৰাকীয়ে । গাৰ্ড অৱ অনাৰত সহযোগ কৰে ১৪ ৰাজপুত ৰেজিমেন্টে জয়পুৰ আৰ্মিয়ে । ইয়াৰ পাছতেই গেছ কোম্পানীৰ নিৰাপত্তাৰক্ষী আৰু গৃহবিভাগ, কেন্দ্ৰীয় বিদ্যালয়ৰ স্কাউট এণ্ড গাইড, টেঙাখাট মহাবিদ্যালয়ৰ এন চি চি, কঠালগুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, নাহৰটীয়াৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীৰ দল আৰু জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীদলে প্ৰদৰ্শন কৰে কুচকাৱাজ । এই পেৰেডত টেঙাখাট মহাবিদ্যালয়ৰ এন চি চি দলে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰাৰ বিপৰীতে গেছ কোম্পানীৰ নিৰাপত্তাৰক্ষী আৰু গৃহবিভাগ দলে দ্বিতীয় স্হান লাভ কৰিবলৈ সক্ষম হয়। এই অনুষ্ঠানতে ১৪ ৰাজপুত ৰেজিমেন্টে জয়পুৰ আৰ্মিৰ দ্বাৰা বিভিন্ন দেশ- বিদেশত নিৰ্মিত আৰু যুদ্ধত ব্যৱহৃত অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন কৰাৰ লগতে বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয় । গণৰাজ্য দিৱসৰ সমগ্ৰ অনুষ্ঠানটি আঁত ধৰে মানৱ সম্পদ বিভাগৰ জ্যেষ্ঠ প্ৰৱন্ধক উৎপল বৰগোঁহাই আৰু অসম গেছ কোম্পানীৰ কৰ্মী সংঘৰ সম্পাদক গৌৰৱ কোঁৱৰে। এই অনুষ্ঠানত উপস্থিত থাকে বিত্ত বিভাগৰ মহাপ্ৰৱন্ধক হৰেন মহন্ত, মহাপ্ৰৱন্ধক মনোজ বৰুৱা, গুণকান্ত শৰ্মা, জ্যোষ্ঠ প্ৰৱন্ধক ৰিপুঞ্জয় ফুকন, নিৰাপত্তা বিভাগ আৰু ভিজিলেঞ্চ বিভাগৰ জ্যেষ্ঠ প্ৰৱন্ধক মুনীন্দ্ৰ গোৱালা প্ৰমুখ্যে গেছ কোম্পানীৰ অন্যান্য বিষয়া সকল। ইফালে অইল ইণ্ডিয়া লিমিটেডতো বিবিধ কাৰ্যসূচীৰে গণৰাজ্য দিৱস উদযাপন কৰা হয় । অইলৰ মুখ্য আবাসিক বিষয়া প্ৰশান্ত বৰকাকতীয়ে পতাকা উত্তোলন আৰু শুভেচ্ছামূলক বক্তৃতা আগবঢ়াই । এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে দেশপ্ৰেমূলক গীতে-মাতে সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰা লগতে কুচকাৱাজ প্ৰদৰ্শন কৰে বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ পৰা অহা এন চি চি আৰু স্কাউট দলে।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like