নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাত সহায় দা হেল্পিং হেণ্ড’ৰ প্ৰথমবাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: সহায় দা হেল্পিং হেণ্ড নামৰ বেচৰকাৰী সংগঠনটোৰ আজি প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি মাৰ্ঘেৰিটা চেগুনবাৰী চাহ ফেক্টৰি কাষতে থকা সভাকক্ষত আৰম্বপূৰ্ণ ভাৱে অনুষ্ঠিত হয়। পুৱা ১০ বজাত এন জি অ’টোৰ সদস্য সকলে লিডুস্থিত কেন্দ্ৰীয় নামঘৰত এগছি বন্তি আৰু শৰাই আগবঢ়াই সমাজৰ মংগল কামনা কৰে।

ইয়াৰ পাছতেই দিনৰ ১১ বজাত মাৰ্ঘেৰিটা চেগুনবাৰী চাহ ফেক্টৰি কাষত থকা সভাকক্ষত অনুষ্ঠিত মুকলি সভাত পৌৰোহিত্য কৰে এন জি অ’টোৰ সভানেত্ৰী পায়েল দে। অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে মাৰ্ঘেৰিটা শাখা সাহিত্য সভাৰ সভাপতি দেৱজিৎ বৰুৱা, জিলা সাংবাদিক সংস্থাৰ কাৰ্য্যনিৰ্বাহক সদস্য তথা মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ মুখপাত্ৰ সাংবাদিক মানস প্ৰতিম গগৈ। সহায়ৰ সদস্যা জাগৃতি শৰ্মাই আঁ‌ত ধৰা অনুষ্ঠানত সভাৰ উদেশ্য ব্যাখ্যা কৰে সম্পাদক কৌস্তুভ সিং।

সভাৰ মুখ্য অতিথিৰ ভাষণত দেৱজিৎ বৰুৱাই কয় যে নৱপ্ৰজন্মৰ ছাত্ৰ – ছাত্ৰীৰে গঠিত বেচৰকাৰী সংগঠনটোৱে মাৰ্ঘেৰিটা লগতে ইয়াৰ উপকণ্ঠ অঞ্চলত বহুকেইটা গুৰুতপূৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰিছে ইয়াৰে উল্লেখনীয় মাৰ্ঘেৰিটা নগৰ মাজেৰে যোৱা বুঢ়ীদিহিং নৈৰ ৰেলৱৈ দলঙৰ তল অংশ পৰিষ্কাৰ কৰাৰ বাবে যি উদ্যোগ লৈছিল সেইয়া নিশ্চয় প্ৰকৃতি পৰিৱেশ পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত উল্লেখযোগ্য কৰ্ম হিচাপে বিবেচিত হ’ব।

অন্যহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সাংবাদিক মানস প্ৰতিম গগৈয়ে ভাষণ প্ৰসংগত কয় যে সহায় দা হেল্পিং হেণ্ডে বিশেষকৈ লকডাউনৰ সময়ত ডিগবৈ, মাৰ্ঘেৰিটা, বৰগোলাই, লিডু আদি অঞ্চলত পদপথত, ৰেলৱৈ ষ্টেচনত বাসগৃহ কৰা লোক সকলৰ মাজত নিয়মীয়াকৈ খাদ্যবস্তু, কাপোৰ বিতৰণ লগতে চিকিৎসাৰ ব্যৱস্থা গহন কৰি ভূপেন দাৰ মানুহে মনুহৰ বাবে শীৰ্ষক গীতৰ প্ৰতিটো শব্দ আখৰে আখৰে পালন কৰিছে। সভাত সহায়ৰ সদস্য প্ৰিন্ঞু চেতিয়া, প্ৰকাশ শৰ্মাও ভাষণ প্ৰদান কৰে। উল্লেখ যে মাৰ্ঘেৰিটা, লিডু আদি অঞ্চলৰ মহাবিদ্যালয় আৰু বিদ্যালয়ৰ একাংশ সমাজৰ প্ৰতি সুস্থচিন্তা কৰা মনৰ ছাত্ৰ-ছাত্ৰী একগোঠ হৈ অঞ্চলটোত এই বেচৰকাৰী সংগঠনটোৰ উদ্যোগত বহুকেইটা ভাল সামাজিক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

You might also like