নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Amitabh Bachchan B’day: ২২ খন ছবিত ‘বিজয়’ৰ চৰিত্ৰত অভিনয় অমিতাভ বচ্চনৰ

নিয়মীয়া বাৰ্তা, ১১অক্টোবৰ:  শতিকাৰ ছুপাৰহিৰো বুলি অভিহিত অমিতাভ বচ্চন তেওঁৰ শক্তিশালী অভিনয় আৰু অনন্য শৈলীৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত। বলীউডৰ শ্বাহেনশ্বাহে বিগত কেইবাটাও দশক ধৰি এই উদ্যোগটোৰ অংশ হৈ মানুহক মনোৰঞ্জন দি আহিছে। আজি তেওঁৰ ৮০ বছৰ সম্পূৰ্ণ হ’ল। আপুনি জানি আচৰিত হব যে তেওঁৰ এতিয়ালৈ ২২ খন ছবিত একে নাম ‘বিজয়’ নামৰ চৰিত্ৰত অভিনয় কৰিছে।

১৯৬৯ চনত ‘সাত হিন্দুস্তানী’ ছবিৰে অমিতাভ বচ্চনে বলীউড কেৰিয়াৰ আৰম্ভ কৰে। অভিনেতাজনৰ প্ৰথমখন ছবিয়েই ছুপাৰ ফ্লপ হৈছিল। ইয়াৰ পিছত অমিতাভে বহুকেইখন ছবিত অভিনয় কৰিছিল যদিও সফলতাই যেন তেওঁক পিঠি দিছিল আৰু তেওঁৰ একেৰাহে ১২খন ছবি ফ্লপ হৈছিল। ইমানবোৰ ছবি ফ্লপ হোৱাৰ পিছতো অভিনেতাজন বৰ হতাশ নহৈছিল। কিন্তু তাৰ পিছত তেওঁ প্ৰকাশ মেহৰাৰ ছবি জঞ্জীৰত দেখুৱা দুৰ্দান্ত প্ৰদৰ্শনে তেওঁক কেতিয়াও পিছলৈ ঘূৰি চাবলৈ নিদিলে।

আচলতে প্ৰকাশ মেহৰাৰ জঞ্জীৰ ছবিখনত বহু ছুপাৰষ্টাৰক প্ৰস্তাৱ দিয়া হৈছিল যদিও সকলোৱে অভিনয় কৰিবলে নাকচ কৰিছিল। পিছলৈ এই ছবিখন অমিতাভ বচ্চনক অফাৰ কৰা হৈছিল আৰু তেওঁ এগৰাকী আৰক্ষী বিজয় খান্নাৰ চৰিত্ৰত অভিনয় কৰিছিল। মানুহে এই ছবিখন বহুত ভাল পাইছিল আৰু ছবিখন ব্লকবাষ্টাৰ বুলি প্ৰমাণিত হৈছিল। এনে অৱস্থাত ইয়াৰ পিছতে অমিতাভ বচ্চনক ২২ খন ছবিত ‘বিজয়’ৰ নাম দিয়া হৈছিল।

You might also like