নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও ৰসৰাজ যুৱক সংঘ ও পুথিভঁৰালৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ যেতিয়ালৈকে অসমত নামঘোষা আৰু কীৰ্তন পুথি থাকিব , যেতিয়ালৈকে নমঘৰ , পূজা বাৰী থাকিব তেতিয়ালৈকে অসমীয়া ভাষা জীয়াই থাকিব ৷ অসমত অসমীয়া ভাষাৰ সংকতৰ দিশে গতি কৰা বুলি চৰ্চা অব্যাহত থকাৰ সমতে আজি মৰিগাঁৱৰ এটি অভিনন্দন অনুষ্ঠানত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকাই ৷ মৰিগাঁৱৰ খান্দাজান ৰসৰাজ যুৱক সংঘ ও পুথিভঁৰালৰ উদ্যোগত আৰু খান্দাজান উশ্বু ক্লাৱৰ সহযোগত খেলুৱৈক অভিনন্দন জ্ঞাপন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষাৰ সংকতৰ সময়ত এই মন্তব্য কৰাৰ লগতে বৰ্তমান যান্ত্ৰিকতাৰ সময়ত কিতাপৰ বিকল্প যন্ত্ৰ হব নোৱাৰে আৰু জ্ঞান বৃদ্ধি কৰাত কিতাপে শ্ৰেষ্ঠ বুলি অভিহিত কৰে ৷

মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাই সভাপতিত্ব কৰা এই অভিনন্দন অনুষ্ঠানত অঞ্চলটোৰ ১৭ গৰাকী উশ্বু খেলুৱৈক বিশেষ ভাৱে একোখন ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰে দুগৰাকী উশ্বু খেলুৱৈ হাইদৰাবাদত অনুষ্ঠিত হ’ৱ লগা ৰাষ্ট্ৰীয় উশ্বু খেলত অংশ গ্ৰহণ কৰিব ৷ মৰিগঁৱৰ বিলৰমুৰ ৰসৰাজ খেলপথাৰত অনুষ্ঠিত হোৱা এই অভিনন্দন অনুষ্ঠানতে মৰিগাঁও জিলা সাংবাদিক সন্থাৰ নৱ নিৰ্বাচিত সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা , ৰাজ্যিক সাংবাদিকতা বটাঁপ্ৰাপ্ত জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মা আৰু তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ নৱ নিযুক্ত সদস্য অজিত ডেকাক ৰসৰাজ পুথিভঁৰালৰ তৰফৰ পৰা বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়। উল্লেখ যে ৰসৰাজ যুৱক সংঘ ও পুথিভঁৰালৰ বিষয় ববিয়া ভৰত কুমাৰ নাথে আত ধৰা এই অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে মৰিগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হৃদয় কুমাৰ দাস , অনান্য পিচপৰা জনজাতি উন্নয়ন বৰ্ডৰ অধক্ষ্য শিবাজী ডেকা , মৰিগাঁও জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সম্পাদক বলদেৱ নাথৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

You might also like