নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত দ্ৰুতবেগী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত হাতী পোৱালিৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ মৰিয়নিত আজি পুৱতি নিশা দ্ৰুতবেগী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত এটা হাতীৰ পোৱালিৰ মৃত্যু হয় । আজি পুৱতি নিশা প্ৰায় ৩-৩০ মান বজাত হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰা ওলাই যোৱা বনৰীয়া হাতীৰ এটা পাল অভয়াৰণ্যখনৰ সমীপৰ ভেলাগুৰি চাহ বাগিচাৰ কাষত মৰিয়নি – তিনিচুকীয়া মূল ৰে’লপথ পাৰ হোৱাৰ সময়তে ২০৫০৪ নম্বৰৰ উজনিমুৱা ৰাজধানী এক্সপ্ৰেছ ৰে’লখনে পালটোৰ এটা পোৱালি হাতীক খুন্দা মাৰে । ৰে’লৱে কিলোমিটাৰ নম্বৰ ৩৭৭ / ১ – ২ ৰ মাজত আৰু চিগনেল নম্বৰ ৯৫ ৰ সমীপত সংঘটিত এই ঘটনাত দ্ৰুতবেগী ৰে’লখনৰ ইঞ্জিনৰ খুন্দাত হাতীৰ পোৱালিটো উফৰি যায় আৰু থিতাতে মৃত্যু হয় । ৰে’ল বিভাগৰ সূত্ৰই জানিবলৈ দিয়া মতে, ঘটনা সংঘটিত হোৱাৰ পিছত নকছাৰী ৰে’ল ষ্টেচনত  ৰাজধানী এক্সপ্ৰেছৰ চালকে মৌখিক ভাৱে ঘটনা সম্পৰ্কে অৱগত কৰে । ৰে’ল বিভাগে ততাতৈয়াকৈ বন বিভাগক অৱগত কৰে ।

তাৰ পিছতেই ৰে’ল বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়গৈ ।  মৰিয়নিৰ বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত আৰু মেলেং খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ এলেকাধীন ভেলাগুৰি চাহ বাগিচাৰ সমীপৰ ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হয় মৃত হাতীৰ পোৱালিটোক উদ্ধাৰ কৰাৰ অন্তত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পুতি থয় । মৃত হাতী পোৱালিটোৰ বয়স আনুমানিক প্ৰায় ৮-১০ মাহ মান হ’ব বুলি বন বিভাগে সন্দেহ কৰিছে । উল্লেখযোগ্য যে, এই অঞ্চলটো বনৰীয়া হাতীৰ বিচৰণ ভূমি হৈ পৰিছে । প্ৰায় একেটা স্থানতে ইয়াৰ পূৰ্বেও কেবাটও ঘটনা সংঘটিত হৈছে , য’ত তিনিটাকৈ হাতীৰ ৰে’লৰ খুন্দাত কৰুণ মৃত্যু হৈছে । কিন্তু ৰে’লৰ গতিবেগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । ইফালে, হাতীৰ পোৱালিটোৰ মৃত্যুৰ পিছত অঞ্চলটোৰ ৰাইজ ক্ষোভিত বনৰীয়া হাতীৰ সাম্ভাব্য উপদ্ৰৱৰ আশংকা প্ৰকাশ কৰিছে আৰু বন বিভাগক এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে ।  বন বিভাগৰ এক সূত্ৰ মতে ঘটনা সংঘটিত হোৱা স্থান বনৰীয়া হাতীৰ ক’ৰিড’ৰ হিচাপে ঘোষনা কৰি থোৱা আছে ।

সূত্ৰটোৰ মতে, ৰে’লৱে কিলোমিটাৰ নম্বৰ ৩৭৭ / ১ ৰ পৰা ৫ লৈকে ঠাইডোখৰ “এলিফেন্ট ক’ৰিড’ৰ” হিচাপে ঘোষনা কৰি তাত ৰে’লৰ গতিবেগ নিয়ন্ত্ৰণৰ নিৰ্দেশ দিয়া আছে । কিন্তু একাংশ ৰে’লৰ চালকে সেই নিৰ্দেশ অমান্য কৰি আহিছে । যাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলিও অভিযোগ উত্থাপিত হৈছে  । বন বিভাগৰ সূত্ৰটোৰ মতে এই ঘটনাৰ পিছত বন বিভাগে ৰে’ল বিভাগৰ বিৰুদ্ধে গোচৰ লোৱাৰ সম্ভাৱনা আছে ।  ইফালে, ঘটনাস্থলীৰ কিছু নিলগত ভেলেউগুৰি কালিয়াগাঁ‌ৱত বনৰীয়া হাতীৰ এটা পালে যোৱা নিশা তাণ্ডৱ চলাই এটা ঘৰ ধ্বংস কৰে । বন বিভাগক খৱৰ দিয়াৰ পিছত বন বিভাগৰ লোক উক্ত স্থান গৈ পাওঁ‌তে যথেষ্ট পলম হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে । আনকি  ইয়াৰ পিছতো হাতীৰ পালটোক খেদি পঠোৱাত বন বিভাগ ব্যৰ্থ হোৱা বুলিও স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে । দুৰ্ভাগ্যজনকভাৱে তাৰ পিছতেই পুৱতি নিশা ৰে’লৰ খুন্দাত হাতী পোৱালিটোৰ মৃত্যু হয় ।

You might also like