নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত এমহীয়া শিশু নাট কৰ্মশালাৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ৩ জুলাই :-আজি সোণাৰিৰ অন্যতম সাংস্কৃতিক গোষ্ঠী ‘ সমলয় গোষ্ঠী ‘ৰ উদ্যোগত এমহীয়া শিশু নাট কৰ্মশালা খনিৰ শুভাৰম্ভ কৰা হয়৷ আৰম্ভণি অনুষ্ঠানত কৰ্মশালাখনি শুভ উদ্ধোধন কৰে সোণাৰিৰ বিশিষ্ট সমাজকৰ্মী পুলক গগৈয়ে ৷ সভাত উপস্থিত থাকে গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ সুযোগ্য নাতি বিশিষ্ট চাহ খেতিয়ক সমুদ্ৰ প্ৰসাদ বৰুৱা , সমাজ কৰ্মী ৰুনু সন্দিকৈ , সমাজ কৰ্মী মণি গগৈ , বিশিষ্ট চিকিৎসক ডা° পল্লৱ মহন্ত, প্ৰশিক্ষক পৰিচালক এডিচন দেউৰিকে প্ৰমুখ্যে কৰি সোণাৰি নগৰৰ বিশিষ্ট নাগৰিক সকল, নাট্য কৰ্মী সকল, যোগদান কৰা প্ৰশিক্ষাৰ্থী সকল, অভিভাৱক সকল ৷ উল্লেখযোগ্য পাৰ্বতী প্ৰসাদ বৰুৱা স্মৃতি ভৱনত অনুষ্ঠিত হব লগা উক্ত কৰ্মশালাত যে ৭ ৰ পৰা ১৬ বছৰ বয়স পৰ্য্যন্তৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব ।
প্ৰেৰক :- দীপাংকৰ পাল।

You might also like