নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৰেশ্বৰত চালান বিহীন ডাম্পাৰৰ দপদপনি

নিয়মীয়া বাৰ্তা, ১১অক্টোবৰ:  গোৰেশ্বৰৰ চহৰৰ মাজেৰে চলি আছে নিতৌ শ শ চালান বিহীন অবৈধ ডাম্পাৰ। আনকি বৈধতা নথকা ডাম্পাৰৰ দৌৰাত্মত গোৰেশ্বৰ — বগামাটি পথত কেবাটাও ভয়ংকৰ পথ দুৰ্ঘটনা হৈ কেবাজনো লোক অকালতে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ উপৰিও আন কেবাজনো লোক চিৰ দিনৰ কাৰনে পংগু হবলগীয়া হৈছিল। তথ্য মতে ১, ২, ৩ আৰু ৪ নং মহলৰ যোৱা যোৱা ৩০ তাৰিখে মহলৰ বৈধতা চালান শেষ হোৱাৰ পিচত এতিয়া দিনে নিশাই কাৰ ছত্ৰ ছায়াত চলি আছে চালান বিহীন অবৈধ ডাম্পাৰ।

 

জানিব পৰা মতে একাংশ ডাম্পাৰৰ মালিকে গোৰেশ্বৰত আজিৰ পৰা কেইমাহ মান পূৰ্বে ”ডাম্পাৰ অনাৰ ইউনিয়ন” নামৰ এটি সন্থা খুলি সকলোকে নিজৰ হাতৰ মুঠিত ৰাখি এনেদৰে চলাই গৈছে শিল-বালিৰ ৰমৰমীয়া বেহা। সেয়া এতিয়া সকলোৰে মুখে মুখে চৰ্চিত বিষয় হৈ পৰিছে। অৱশ্যে নতুনকৈ গঠিত হোৱা ডাম্পাৰ অনাৰ ইউনিয়ন সন্থাৰ কথা বাক্সা জিলাৰ নৱ নিযুক্ত ডি এফ অ পি কে ব্ৰহ্মই জ্ঞাত নহয় বুলি নিয়মীয়া বাৰ্তাৰ আগত প্ৰকাশ কৰে।
প্ৰেৰক: বিজয় ৰাজবংশী 
You might also like